যোৰহাট, ৩ এপ্ৰিল: ৰাজনীতিৰ পথাৰৰ পৰা হঠাৎ খেলপথাৰত ব্যস্ত হৈ পৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । ক্ৰিকেটৰ পাছত এইবাৰ খেলপথাৰত ফুটবলেৰে ক্ৰীড়াপ্ৰেমীক চমক দিলে বিধায়ক গৰাকীয়ে ৷ খেলপথাৰত ফুটবল খেলুৱৈৰ জাৰ্চী পৰিধান কৰি নতুন চমক দিছে ৰূপজ্যোতি কুৰ্মীয়ে । দুভৰিত ফুটবল লৈ যোৰহাট ষ্টেডিয়ামত দেখিবলৈ পোৱা গ’ল ৰূপজ্যোতি কুৰ্মীক (Rupjyoti Kurmi played football)।
শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী একাদশ বনাম মুখ্য ন্যায়াধীশ প্ৰীতি ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি পুনৰ দেওবাৰে যোৰহাট ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হোৱা এ টি পি ফুটবলত ফুটবল খেলুৱৈৰ ৰূপত অৱতীৰ্ণ হয় মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী (MLA Rupjyoti Kurmi played football) ৷
যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা ৫৭ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দুখন খেল দেওবাৰে অনুষ্ঠিত হৈ যায় ৷ শনিবাৰে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে স্থগিত ৰখা গুৱাহাটী চিটি এফ চি আৰু মৰিয়নি উপ ক্ৰীড়া সন্থাৰ মাজৰ খেলখন দেওবাৰে দিনত অনুষ্ঠিত হয় ৷ খেলখনত মৰিয়নি উপ ক্ৰীড়া সন্থাই গুৱাহাটী চিটি এফ চি দলক ৩-০ গলত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷ এইয়া আছিল মৰিয়নি দলৰ ক্ৰমাগত দ্বিতীয়টো জয় ৷
দেওবাৰে অনুষ্ঠিত হোৱা গুৱাহাটী চিটি এফ চি আৰু মৰিয়নি উপ ক্ৰীড়া সন্থাৰ মাজৰ খেলখনত খেলপথাৰত দুভৰিৰ যাদু দেখুৱালে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ উল্লেখযোগ্য যে, শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি পুনৰ দেওবাৰে যোৰহাট ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হোৱা ফুটবল খেলখনত ফুটবলাৰ ৰূপত অৱতীৰ্ণ হয় মৰিয়নি সমষ্টিৰ বিধায়কগৰাকী (MLA Rupjyoti Kurmi played football in Jorhat) ৷
খেলত অংশগ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷ তেওঁ কয় যে খেল তেওঁৰ প্ৰিয় আৰু মৃত্যুৰ সময়লৈকে খেলৰ লগতে জড়িত হৈ থাকিব । বিধানসভাৰ অধিৱেশন চলি থকাৰ বাবে প্ৰথমখন খেলত অংশগ্ৰহণ কৰিব নোৱাৰিলে যদিও দ্বিতীয়খন খেলত অংশগ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷ খেলখনত মৰিয়নি উপ ক্ৰীড়া সন্থাৰ জয়লাভক এক বৃহৎ সাফল্য বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে (Mariani MLA played football) ৷
নিয়মিত শাৰিৰীক অনুশীলনে তেওঁক শাৰিৰীকভাৱে সুস্থ ৰাখিছে, সেইবাবে সহজতে ভাগৰ নালাগে বুলি মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ লগতে স্বাস্থ্যই পৰম সম্পদ, সেইবাবে শৰীৰ সুস্থ ৰাখিবলৈ যুৱ প্ৰজন্মক নিয়মিত শাৰিৰীক অনুশীলন কৰাৰ বাবে আহ্বান জনাই বিধায়ক গৰাকীয়ে ৷
উল্লেখযোগ্য যে, যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত মৰিয়নি উপ ক্ৰীড়া সন্থাৰ হৈ খেলত অৱতীৰ্ণ হোৱা ৰূপজোতি কুৰ্মীৰ দলটোৱে গুৱাহাটী চিটি এফ চিক ৩-০ গলত পৰাস্ত কৰে ৷
লগতে পঢ়ক: Raijor Dal press meet: উৰণীয়া সেতুৰ কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰীৰ পৰিয়াল: ৰাইজৰ দল