ETV Bharat / state

COVID নিগেটিভ ৰূপজ্যোতি কুৰ্মীৰঃ দৰা-কইনাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল'বলৈ আহ্বান

23 জুনত COVID নিগেটিভ ফলাফল আহে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ চৰকাৰৰ কিছুমান ভুল আঙুলিয়াই দৰা-কইনাকৰ বিৰুদ্ধে জিলা প্ৰশাসনে ল'ব বিচৰা শাস্তিমূলক পদক্ষেপত অসন্তুষ্টি প্ৰকাশ বিধায়ক গৰাকীৰ ৷

author img

By

Published : Jun 24, 2020, 1:30 PM IST

mla of mariani rupjypti kurmi is tested covid nagetive

মৰিয়নী, 24 জুনঃ যোৰহাটৰ 1নং সোণাই গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ নামৰ এজন যুৱকৰ দেহত 20 জুনত ধৰা পৰিছিল COVID-19 ৷ আক্ৰান্ত যুৱকজন এখন বিয়ালৈয়ো গৈছিল,যিখন বিয়াত বিধায়ক ৰূপজ্যোতি কুৰ্মীও গৈছিল তেওঁৰ পৰিয়াল আৰু দেহৰক্ষীসহ ৷ যুৱকজনৰ আক্ৰান্ত হোৱাৰ খবৰ পোৱাৰ লগে লগে বিধায়ক গৰাকীয়ে সেই বিষয়ে অৱগত কৰিছিল যোৰহাটৰ উপায়ুক্ত ৰশ্নি অপাৰঞ্জীক ৷ তাৰ পিচতেই বিধায়ক গৰাকীয়ে পৰিয়ালসহ হোম কোৱাৰেণ্টাইনত থকাৰ সিদ্ধান্ত লয় আৰু 21 জুনত তেওঁলোকৰ স্বাৱ পৰীক্ষা কৰাবলৈ আহ্বান জনায় উপায়ুক্ত গৰাকীক ৷ সেই মৰ্মে সংগ্ৰহ কৰা স্বাৱ পৰীক্ষাত 23 জুনত বিধায়ক গৰাকীৰ পৰিয়ালসহ তেওঁৰ 3 গৰাকী দেহৰক্ষীৰ ফলাফল নিগেটিভ আহে ৷

দৰা-কইনাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল'বলৈ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ

কিন্তু উল্লেখনীয় বিষয়ে যে,যোৰহাট জিলা প্ৰশাসনে দুই নৱ দম্পতীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব বিচাৰিছে ৷ প্ৰশাসনৰ এনে সিদ্ধান্তত বিধায়কগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰি, সেই বিয়াখনত উপস্থিত লোক বা অন্য কোনো বিষয়ত অনুসন্ধান কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷ আনহাতে ভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, বিয়াখনত আছিল 5 শতাধিক লোক ৷ কিন্তু বিধায়ক গৰাকীয়ে দৰ ঘৰৰ লগতে কইনাঘৰৰ মিলি প্ৰায় 75 গৰাকীমান লোকহে সেই বিয়াখনত উপস্থিত আছিল বুলি উল্লেখ কৰে ৷ কোনো লোকৰ কইনা বা দৰা ঘৰৰ লোকৰ লগত থকা ব্যক্তিগত মতানৈক্যৰ বাবেহে 500 লোক থকা বুলি অপপ্ৰচাৰ ওলাইছে বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ এই ক্ষেত্ৰত তেওঁক চৰকাৰৰ কিছুমান ভুল আঙুলিয়াই দৰা-কইনাক হেচা প্ৰদান কৰিলে নহ'ব বুলি মন্তব্য কৰি, দৰা-কইনাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা নল'বলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

বিধায়ক গৰাকীৰ পৰিয়ালসহ তেওঁৰ 3 গৰাকী দেহৰক্ষীৰ ফলাফল নিগেটিভ

লগতে পঢ়কঃ নাৰায়ণপুৰৰ তিনিজনৰ দেহত কোভিড-১৯ পজিটিভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.