ETV Bharat / state

No Dues Certificate Distribution: কিয় বগা ছোৱালী বিয়া পাতিলে ৰূপজ্যোতি কুৰ্মীয়ে ? - মাইক্ৰফাইনেন্স

পূজা চাবলৈ আহৰি নাই বিধায়ক ৰূপজ্যোতিৰ ৷ চৰকাৰী আঁচনি বিলোৱাত ব্যস্ত ৷ কাকো হিংসা নকৰাৰ বাবে শেষত বগী ছোৱালী বিয়া পাতিলে বুলি মন্তব্য ৷

Distribution of No Dues Certificate at Teok
মাইক্ৰফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 6:34 PM IST

মাইক্ৰফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

টীয়ক, 20 অক্টোবৰ : "পূজাত একো সময়েই পোৱা নাই ৷ মুখ্যমন্ত্ৰীয়ে ইমানেই দায়িত্ব দিছে ৷" এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ তেওঁ কয় যে, মাইক্ৰফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদান, নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান, পূজা কমিটিক দহ হাজাৰ টকাৰ চেক প্ৰদান আদিৰ পৰা আহৰিয়েই পোৱা নাই বিধায়কজনে ৷

আনহাতে মাইক্ৰফাইনেন্সৰ ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ কৰি জীৱনত এটা খুবেই পুণ্যৰ কাম কৰিলে বুলি উল্লেখ কৰে বিধায়কজনে ৷ চৰকাৰে গ্ৰহণ কৰা এই আঁচনি মানৱদৰদী আঁচনি বুলি আখ্যা দিয়ে বিধায়কজনে ৷ লগতে বিধায়ক কুৰ্মীয়ে অসমৰ মহিলা সকলক আবেদন জনায় কয় যে, ট্ৰাকৰ পিছফালে লিখা থাকে যে, হিংসা নকৰিবা চেষ্টা কৰা তোমাৰো হ’ব ৷ এই বাক্যশাৰী সকলো ঠাইতে প্ৰযোজ্য ৷ এই কথাৰ প্ৰমাণ দিবলৈ গৈ বিধায়কজনে কয় যে, হিংসা নকৰাৰ বাবেই তেওঁ এগৰাকী বগী ছোৱালীক বিয়া কৰাবলৈ সক্ষম হ’ল ৷ শুকুৰবাৰে টীয়কত উপস্থিত হৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

শুকুৰবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত কলিয়াপানী ব্লকৰ অন্তৰ্গত মহিলাসকলক অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত ঋণমুক্ত প্ৰমাণ পত্ৰ প্ৰদানৰ এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পুণ্য কোচৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অগপৰ জিলাৰ সম্পাদক দ্বিপেন বৰগোঁহাই, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া পবিত্ৰ দাসৰ লগতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকি আঞ্চলিকৰ অন্তৰ্গত দহখন পঞ্চায়তৰ প্ৰায় আঠশ মহিলাক এই প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে ৷

সভাত সাংবাদিকৰ সৈতে হোৱা বাৰ্তলাপত মৰিয়নীৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰে মহিলা সকলক মাইক্ৰফাইনেন্সৰ ঋণ মুক্ত কৰাৰ বাবে যি আঁচনি গ্ৰহণ কৰিছে তাৰ বাবে তেওঁ অতি আনন্দিত ৷ ঠিক সেইদৰে মহিলাসকলেও কোনেও কাকো হিংসা নকৰিলে এতিয়া ঋণমুক্ত হোৱাৰ পাছত পুনৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ পুনৰ নিজে স্বাৱলম্বী হ’ব পাৰিব বুলি কয় বিধায়ক কুৰ্মীয়ে ৷

লগতে পঢ়ক : Puja schedule of Assam CM : পূজাৰ দিন কেইটাত কেনে হ’ব মুখ্যমন্ত্ৰীৰ ব্যস্ততা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.