ETV Bharat / state

যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন

আজি প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈ অবিহনে দহটা দিন পাৰ হ'ল ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ কুশল কোঁৱৰ মেম’ৰিয়েল ইনড’ৰ ষ্টেডিয়ামতো তৰুণ গগৈৰ স্মৃতিত আয়োজন কৰা হয় এক সৰ্বধৰ্মীয় সভা ।

memorial meeting in jorhat
যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন
author img

By

Published : Dec 3, 2020, 2:26 PM IST

যোৰহাট,3 ডিচেম্বৰ : একেৰাহে তিনিটা কাৰ্যকালৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন সংৰক্ষণ কৰা প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত এতিয়াও শোকস্তব্ধ হৈ আছে সমগ্ৰ ৰাজ্য ৷ আজি তৰুণ গগৈ বিহীন দহটা দিন পাৰ হ’ল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁক সুঁৱৰি আয়োজন কৰা হৈছে স্মৃতিচাৰণ সভা ।

যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ যোৰহাটৰ কুশল কোঁৱৰ মেম’ৰিয়েল ইনড’ৰ ষ্টেডিয়ামত প্ৰয়াত তৰুণ গগৈৰ স্মৃতিত অনুষ্ঠিত হয় সৰ্বধৰ্মীয় সভা । উল্লেখ্য যে, এই ষ্টেডিয়ামখনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল তৰুণ গগৈ ।

memorial meeting in jorhat
যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন

উক্ত সৰ্বধমীয় সভাত প্ৰফুল্ল চক্ৰৱৰ্তীয়ে গীতা পাঠ কৰাৰ বিপৰীতে কোৰাণ পাঠ কৰে ইমাম ছৰিফুৰ হুছেইনে ৷ অন্যহাতে কৰমেশ সিঙে গুৰুগ্ৰন্থ পাঠ কৰাৰ বিপৰীতে বাইবেল পাঠ কৰে বিনয় বৰুৱাই আৰু ঘোষা পাঠ কৰে প্ৰণতি বৰুৱাই ।

লগতে পঢ়ক : নাহৰকটীয়াত ভয়ানক অগ্নিকাণ্ডই চাৰখাৰ কৰিলে বহু বিঘা পকা ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.