ETV Bharat / state

জাঁজীমুখত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে - বান

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ধাৰণ কৰিছে ভয়াৱহ ৰূপ ৷ বাঢ়নী পানীয় সংকট চপাই আনিছে জনজীৱনৰ লগতে পশুকুললৈ ৷

massive flood in teok
massive flood in teok
author img

By

Published : Jul 12, 2020, 10:27 AM IST

টীয়ক, 12 জুলাইঃ বান পৰিস্থিতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে টীয়কৰ জাঁজীমুখত ৷ টীয়ক আৰু পূব যোৰহাট ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় 30 খন গাঁও সম্প্ৰতি জলমগ্ন ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে দুয়োটা ৰাজৰ চক্ৰৰ বিস্তৰ অঞ্চলৰ বহু হেক্টৰ কৃষিভূমিকে ধৰি বহু পৰিয়ালৰ বাসস্থান প্লাৱিত কৰিছে ৷ সম্প্ৰতি বৃহত্তৰ অঞ্চলকেইটাৰ যাতায়াতৰ সকলো পথো পানীৰ তলত ৷ বাঢ়নী পানীয়ে জনজীৱন বিপৰ্যস্ত কৰাৰ লগতে, বিপদ কঢ়িয়াই আনিছে পশুকুললৈয়ো ৷ খাদ্য আৰু নিৰাপদ স্থানৰ অভাৱত হাহাকাৰ কৰিছে পশুকূলে ৷

জাঁজীমুখত ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে

আনহাতে পশুধন সমূহ ৰক্ষাৰ বাবে চেষ্টা চলাই থকা একাংশ লোক সন্মুখীন হৈছে আন এক সমস্যাৰ ৷ পশুধন ৰক্ষাৰ নিৰন্তৰ চেষ্টা অব্যাহত ৰখা লোকসকলে মুখামুখি হ'বলগীয়া হয় বন্যহস্তীৰো ৷ জানিব পৰা মতে, বানত আৱদ্ধ হৈ পৰিছে শ শ বনৰীয়া হাতীও ৷ ইতিমধ্যে পশুধন সমূহ চাপৰি অঞ্চলৰ পৰা মথাউৰি তথা অন্যান্য ওখ স্থানলৈ স্থানান্তৰ কৰা হৈছে যদিও নাৱৰ অভাৱে দেখা দিছে লোকসকলৰ মাজত ৷ তেওঁৰলোকৰ চৰকাৰলৈ আহ্বান এই ক্ষেত্ৰত কিছু সহায়ৰ হাত আগবঢ়াবলৈ ৷ লগতে বানাক্ৰান্ত ৰাইজে জানিবলৈ দিয়া অনুসৰি, প্ৰশাসনে তেওঁলোকৰ মাজত বিতৰণ কৰা নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী ৷ বান পৰিস্থিতি সন্দৰ্ভত যদি চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়কঃ পুঠিমাৰী নৈয়ে বিপদ মাতিছে বগৰীবাৰী মথাউৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.