ETV Bharat / state

বহিঃৰাজ্যৰ পৰা ৰে'লযোগে মৰিয়নীত উপস্থিত ৩৭ জন যাত্ৰী

আজি দিল্লীৰ পৰা কেইবাশতাধিক অসমীয়াক কঢ়িয়াই আনি মৰিয়নী জংচনত ৰয় এখন বিশেষ ৰাজধানী এক্সপ্ৰেছ ৷ এই ৰে'লখনৰ পৰা মৰিয়নী জংচনত নামি ৰয় ৩৭ জন যাত্ৰী।

author img

By

Published : May 14, 2020, 10:59 AM IST

MARIANI RAJDHANI EXPRESS AT MORIYANI STATION
বহিঃৰাজ্যৰ পৰা ৰে'লযোগে মৰিয়নীত উপস্থিত ৩৭ জন যাত্ৰী

মৰিয়নী, 14 মে' : বৃহস্পতিবাৰে পুৱা ৪.৫ বজাত মৰিয়নীত আহি উপস্থিত হয় যাত্ৰীবাহী বিশেষ ৰাজধানী এক্সপ্ৰেছ ৷ নতুন দিল্লীৰ পৰা কেইবাশতাধিক অসমীয়াক কঢ়িয়াই অনা এই ৰে'লখনৰ পৰা মৰিয়নী জংচনত নামি ৰয় ৩৭ জন যাত্ৰী। মৰিয়নী জংচনত নমা যাত্ৰীসকলৰ ভিতৰত যোৰহাট জিলাৰ ১৯ জন, গোলাঘাট জিলাৰ ১৫জন, শিৱসাগৰ জিলাৰ ২জন আৰু মাজুলীৰ এজন যাত্ৰী বুলি জানিবলৈ দিয়ে দায়িত্বত থকা বিভাগীয় কৰ্তৃক্ষই ৷

উল্লেখ্য যে, মৰিয়নী জংচনত নমা প্ৰত্যেকজন যাত্ৰীকে চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰে। প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত যাত্ৰী সকলক জিলা প্ৰশাসনে নিজ নিজ জিলাৰ কোৱাৰেণ্টাইন চেণ্টাৰ সমূহলৈ প্ৰেৰণ কৰে। যোৰহাট জিলাৰ ১৯ জন যাত্ৰীক কাজিৰঙা বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : কন্টেইনমেন্ট কৰা নহয় সমগ্ৰ গুৱাহাটী মহানগৰ : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.