ETV Bharat / state

মৰিয়নীত নতুনকৈ দুটা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন - কাজিৰঙা বিশ্ববিদ্যালয়ত

বহিঃৰাজ্যত আবদ্ধ লোকসকল অসমলৈ প্ৰত্যাগমণৰ পিছতে জিলাই জিলাই কোৱাৰেণ্টাইন চেন্টাৰ নিৰ্মাণ অসম চৰকাৰৰ ৷

MARIANI QUARANTINE CENTRE
মৰিয়নীত নতুনকৈ দুটা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন
author img

By

Published : May 17, 2020, 3:31 PM IST

মৰিয়নী,17মেঃ লক ডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকক বিশেষ ৰেল যোগে অসমলৈ আনি থকা হৈছে। ৰেলৰে অহা যাত্ৰী সকলক ৰেল ষ্টেচন সমূহতে প্ৰাথমিক স্বাস্থ্য পৰীক্ষাৰ অন্তত প্ৰশাসনে যাত্ৰী সকলক ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰা ব্যৱস্থা কৰিছে ৷ এইদৰে বহিঃৰাজ্যৰ পৰা ৰেলৰ যোগেদি যোৰহাট জিলালৈ অহা লোকসকল মৰিয়নী ৰেলৱে জংচনত নমাৰ পাছত তেওঁলোকক যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত কোৱাৰেণ্টাইন কৰা হৈছে।

মৰিয়নীত নতুনকৈ দুটা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন

শেহতীয়াকৈ জিলা প্ৰশাসনে ৰেল যোগে মৰিয়নী লৈ আহিবলগীয়া লোক সকলৰ বাবে মৰিয়নীত নতুনকৈ দুটা ইনষ্টিটিউচনেল কুৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰে এটা মৰিয়নী জঙ্গল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু আনটো ন‘কচাৰী জুনিয়ৰ কলেজত স্থাপন কৰিছে। জিলা প্ৰশাসনৰ হাতত সময় কম থকাৰ ফলত আজি প্ৰতিকূল বতৰকো নেওচি অতি ক্ষিপ্ৰতাৰে কুৰেণ্টাইন কেন্দ্ৰ সমূহৰ কাম কৰি গৈছে বিভাগীয় লোকসকলে।

লগতে পঢ়কঃ বিটিচিত ৰাজ্যপালৰ শাসন হস্তক্ষেপ কৰাৰ কোনো যুক্তি নাইঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.