ETV Bharat / state

যোৰহাটত ৰাজধানী এক্সপেছৰ পৰা পেলাই গ'ল পিপিই কিট - rajdhani express

জনবসতি এলেকাত ৰাজধানী ৰেলৰ পৰা পেলােৱা পিপিই কিটক লৈ অঞ্চলজুৰি তীব্ৰ আতংকই বিৰাজ কৰিছে ৷

ppe kit on railway track rajdhani express
ৰাজধানী এক্সপেছ পৰা পেলাল পিপিই কিট
author img

By

Published : May 24, 2020, 5:43 PM IST

যোৰহাট, 24মেঃ কৰ'ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবলৈ সজাগ সচেতনতাই একমাত্ৰ উপায় যদিও একাংশ লোকৰ চৰম দায়িত্বজ্ঞানহী কৰ্ম কাণ্ডৰ বাবেই বৰ্তমান এই ভাইৰাছে অসমৰ নগৰাঞ্চলৰ পাছত গ্ৰামাঞ্চললৈও বিপদ মাতি অনাৰ আশংকাই দেখা দিছে । বহিঃৰাজ্যৰ পৰা ৰে'লযোগে অহা যাত্ৰীসকলৰ মাজত এজনৰ পাছত এজনকৈ লোক কোভিড-১৯ পজিটিভ বুলি চিনাক্ত হৈছে তেনে সময়তে দিল্লী-ডিব্ৰুগড় অভিমুখী বিশেষ ৰে'ল গাড়ীৰ পৰা ৰে'ল পথৰ কাষত ব্যৱহৃত পিপিই কিট পেলাই থৈ যোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

ppe kit  on railway track rajdhani express
ৰাজধানী এক্সপেছ পৰা পেলাল পিপিই কিট

জানিব পৰা মতে দেওবাৰে পুৱা নকচাৰী আৰু লাহিং ষ্টেচনৰ মাজত লাহিং বাওতলী গাঁৱৰ সমীপৰ ৰেল আলিত দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখী ৰাজধানী এক্সপেছৰ পৰা কেইবাটাও ব্যৱহৃত পিপিই কিট, পলিথিনৰ বেগ, টুপি আৰু মাস্ক পেলাই থৈ যায় । জনবসতিপূৰ্ণ এলেকাৰ ৰেল আলিত এনেদৰে ৰেলৰ পৰা ব্যৱহৃত পিপিই কিট সমূহ পেলাই থৈ যোৱা দেখি হুৱাদুৱা লাগে ৰাইজৰ মাজত।

ৰাজধানী এক্সপেছ পৰা পেলাল পিপিই কিট

পেলাই থৈ যোৱা পিপিই কিটসমূহত কৰ'ণা ভাইৰাছ লাগি থকাৰ আশংকাত আতংকিত হৈ পৰে স্থানীয় গঞা ৰাইজে । স্থানীয় ৰাইজৰ জৰিয়তে অৱগত হৈ সেইস্থানত ৰেল আৰক্ষী উপস্থিত হয় । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত ৰেল আৰক্ষীয়ে পিপিই কিটসমূহ জ্বলাই দিয়ে । সমগ্ৰ ঘটনাক লৈ স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে ৷

লগতে পঢ়কঃ দিহিং পাটকাই বৰ্ষাৰণ্য়ক লৈ বলীউডৰ অভিনেতা ৰণদ্বীপ হুডাৰ টুইট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.