ETV Bharat / state

Mariani Police in controversy: থানাত যুৱকক প্ৰহাৰ ; পুনৰ বিৰ্তকত মৰিয়নি আৰক্ষী

খাকী পোচাকত পুনৰ কলংকৰ দাগ ৷ দাবী কৰা ধন নিদিয়াৰ বাবে আৰক্ষী বিষয়াই মাৰপিট যুৱকক ৷ মৰিয়নী থানাৰ এগৰাকী উপ-পৰিদৰ্শকৰ বিৰুদ্ধে এই অভিযোগ ৷

author img

By

Published : Jul 21, 2023, 6:11 PM IST

Mariani Police
পুনৰ বিৰ্তকত মৰিয়নি আৰক্ষী
পুনৰ বিৰ্তকত মৰিয়নি আৰক্ষী

যোৰহাট,21 জুলাই: আৰক্ষীৰ খাকী পোচাকত পুনৰ কলংকৰ দাগ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সততে অসম আৰক্ষীৰ সংস্কাৰৰ কথা কৈ থকাৰ সময়তে এইবাৰ মৰিয়নী থানাৰ এগৰাকী উপ- পৰিদৰ্শকৰ কৰ্ম কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ মৰিয়নী থানাৰ এগৰাকী উপ-পৰিদৰ্শকে উৎকোচ নিদিয়া বাবে এজন যুৱকক থানাৰ বেৰেকলৈ নি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, টহলদাৰী আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এঘৰ লোকৰ পদুলি সন্মুখৰ পৰা বাইক এখন জব্দ কৰিছিল ৷ জব্দ কৰা বাইখন মুকলি কৰি দিয়া বিনিময়ত মৰিয়নী থানাৰ উপ-পৰিদৰ্শক ৰাজেশ্বৰ ব’ৰে বাইক গৰাকীৰ পৰা দাবী কৰিছিল ১০ হাজাৰ টকা ৷ কিন্তু বাইকখনৰ যাৱতীয় নথি পত্ৰ দেখুৱাত বিনা টকাত মৰিয়নী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বাইকখন নিবলৈ নিৰ্দেশ দিয়ে গৰাকীক ৷ একে সময়তে থানাখনৰে আৰক্ষী উপ-পৰিদৰ্শ ৰাজেশ্বৰ ব’ৰে বাইকখন উলিয়াই নিবলৈ হ’লে ৩,০০০ টকা দাবী কৰে যুৱকজনৰ পৰা ৷

উপায়ন্ত বাইকৰ গৰাকীয়ে আৰক্ষী উপ-পৰিদৰ্শ ৰাজেশ্বৰ ব’ৰৰে দাবী কৰা ৩,০০০ টকা বিপৰীতে ২,০০০ টকা দিয়ে । সেই ২,০০০ টকাই যেন কাল হ’ল যুৱক জনৰ বাবে ৷ ১,০০০ টকা নিদিয়া বাবে নিশা যুৱকজনক আৰক্ষী বিষয়াগৰাকীয়ে আটক কৰে ৷ আটক কৰা যুৱকক থানালৈ নি বেৰেকতে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে ৷ আনহাতে শুকুৰবাৰৰ দিনটোৰ ভিতৰত আৰক্ষী বিষয়াগৰাকীক সুৰা দিবলৈ নিৰ্দেশ দিয়ে যুৱক জনক ৷ অন্যথা যুৱক গৰাকীক পুনৰ আটক কৰি আৰু বেয়াকৈ মাৰপিট কৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী যুৱকজনে । যুৱকজনৰ দেহাত আঘাতৰ চিন স্পষ্ট ৷ এইগৰাকী আৰক্ষী বিষয়াৰ ওপৰত এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাচত শীৰ্ষ মহলে তদন্ত কৰি কেনে ব্যৱস্থা গ্ৰহণ কৰে তাৰ অপেক্ষাত ভুক্তভোগী যুৱকজন ৷

লগতে পঢ়ক:Accident in Dergaon:দেৰগাঁৱত ট্ৰেভেলাৰ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত আহত ২১

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.