ETV Bharat / state

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী - মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী

ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতে পুনৰ অসমৰ ভূমি বেদখলৰ বাবে নামি পৰিছে অসম-নাগালেণ্ড সীমান্তৰ নগা দুষ্কৃতিকাৰী ৷ অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত পুনৰ নগাই আহি ভূমি বেদখল কৰাৰ অভিযোগ ৷

firing by naga miscreants in mariani
ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী
author img

By

Published : May 27, 2021, 5:45 PM IST

Updated : May 27, 2021, 8:34 PM IST

যোৰহাট, 27 মে' : ক'ভিডসৃষ্ট পৰিৱেশৰ মাজতে পুনৰ অসমৰ ভূমি বেদখলৰ বাবে নামি পৰিছে অসম-নাগালেণ্ড সীমান্তৰ নগা দুষ্কৃতিকাৰী ৷ অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলত পুনৰ নগাই আহি ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ নগা দুৰ্বৃত্তৰ গুলী

সীমান্তৱৰ্তী গাঁওবাসীয়ে সদৰী কৰা মতে কিছুদিনৰ পূৰ্বে সেউজীয়া হৈ থকা দৈচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ পাহাৰত এতিয়া গছ-গছনি কাটি তহিলং কৰিছে নগা দুষ্কৃতিকাৰীয়ে ৷ নগা বেদখলকাৰীয়ে উক্ত স্থানত অবৈধভাৱে ঘৰ নিৰ্মাণ কৰি গাঁও স্থাপন কৰিছে, লগতে স্থাপন কৰিছে হাজাৰ হাজাৰ তামোল গছৰ পুলি ৷

এই সমগ্ৰ ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত এটা প্ৰতিনিধি দলে স্থানীয় সাংবাদিকক লগত লৈ সীমান্তৰ গাঁৱৰ লোকসকলৰ পৰিৱেশ আৰু পৰিস্থিতি নিৰীক্ষণ কৰি থকা অৱস্থাতে নগা দুৰ্বৃত্তই পাহাৰৰ ওপৰৰ পৰা দলটোলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷ এই ঘটনৰ সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক অপ্ৰীতিকৰ পৰিৱেশে বিৰাজ কৰে ৷

এই গুলীবৰ্ষণৰ ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ বৰ্তমান মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

লগতে পঢ়ক: ডিগবৈত অবৈধ তেল ভাণ্ডাৰ উৎখাত

Last Updated : May 27, 2021, 8:34 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.