ETV Bharat / state

Elephant attacks: জীৱন মৃত্যুৰে সৈতে যুঁজিছে কেশৱ গগৈয়ে - ৪০ বছৰীয়া কেশৱ গগৈ

হাতীৰ আক্ৰমণৰ বলি হৈ জীৱন মৃত্যুৰে যুঁজিব লগা হৈছে তিতাবৰৰ কেশৱ গগৈয়ে ৷ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিগত প্ৰায় দুমাহে শয্যাশায়ী হৈ আছে দুৰ্ভগীয়া কেশৱ গগৈ । চৰকাৰ তথা প্ৰশাসন ফালৰ পৰা কোনো সাহায্য লাভ নকৰাৰ অভিযোগ ভুক্তভোগীৰ ৷

man-seriously-injured-in-elephant-attack-at-titabor
জীৱন মৃত্যুৰে সৈতে যুঁজিছে কেশৱ গগৈয়ে
author img

By

Published : Jul 26, 2022, 2:20 PM IST

তিতাবৰ, 26 জুলাই : মৃত্যুৰ সৈতে যুঁজ দিবলগীয়া হৈছে তিতাবৰ বৰহোলা আৰক্ষী থানাৰ অন্তৰ্গত তথা বৰহোলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ বেকাজান ৩৬ ঘৰীয়া অঞ্চলৰ কেশৱ গগৈয়ে ৷ ৪০ বছৰীয়া কেশৱ গগৈয়ে কিছুদিন পূৰ্বে হাতীৰ আক্ৰমণৰ বলি হৈ উপযুক্ত চিকিৎসাৰ অভাৱত নিজ বাসগৃহৰ বিছনাত এতিয়া জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে(Man seriously injured in elephant attack at Titabor) ।

উল্লেখ্য যে, বেকাজান ৩৬ ঘৰীয়া অঞ্চলৰ কেশৱ গগৈয়ে দাঁতিকাষৰীয়া নগা পাহাৰত বন কৰি থকা এটি ঘৰচীয়া হাতীক দানা খুৱাই থকা অৱস্থাত হাতীটোৱে হঠাৎ একাধিকবাৰ আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বিগত প্ৰায় দুমাহে শয্যাশায়ী হৈ আছে দুৰ্ভগীয়া কেশৱ গগৈ ।

ইপিনে, হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেশৱ গগৈক পোন প্ৰথমে চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰিব বুলি আশ্বাস দিছিল হাতীটোৰ গৰাকী প্ৰদীপ গগৈয়ে । কিন্তু বাস্তৱ অৰ্থত এই আশ্বাস পালন নকৰি ক্ৰমে হাতীৰ গৰাকীয়ে ঘটনাটো গাপ দিবৰ বাবে চেষ্টা কৰা বুলিহে অভিযোগ উত্থাপন কৰিছে কেশৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ লোকে ।

জীৱন মৃত্যুৰে সৈতে যুঁজিছে কেশৱ গগৈয়ে

জানিব পৰা মতে, প্ৰথমাৱস্থাত আহত কেশৱ গগৈক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নি মাত্ৰ ২৪০০ টকা দিয়েই নিজৰ দায়িত্ব সামৰে প্ৰদীপ গগৈয়ে । তাৰ পিছৰে পৰা কোনো খা-খবৰ নাই প্ৰদীপ গগৈৰ ৷ বৰ্তমানেও এই দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত হাতীৰ গৰাকী, প্ৰশাসনিক বিষয়া, আনকি বিয়াগোম স্বাস্থ্য বিভাগৰ লোক থিয় নোহোৱাৰ অভিযোগ উত্থাপন কৰে কেশৱ গগৈয়ে । একপ্ৰকাৰে এই দুৰ্ভগীয়া পৰিয়ালটোৰ খবৰ ল'বলৈ যেন এতিয়া কাৰোৰেই আহৰি নাই ।

হাতীক দানা খুৱাই থকা অৱস্থাত হাতীৰ আক্ৰমণৰ বলি হৈ নিজৰ ৰাজহাড় আৰু কামিহাড় পৰ্যন্ত ভাঙি যোৱা কেশৱ গগৈৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা অতিশয় শোচনীয় । দিনটোৰ ২৪ ঘণ্টাই বিছনাত পৰি থাকিবলগা হোৱা আহত কেশৱ গগৈৰ শৰীৰৰ একাংশ স্থান ক্ৰমাৎ গেলি যোৱাৰ উপক্ৰম ঘটিছে । দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি থকা কেশৱ গগৈ আছিল পৰিয়ালটোৰ বাবে উপাৰ্জনৰ এক মাত্ৰ ভৰসা ।

ইফালে, আক্ৰমণৰ ৪০ দিন পাৰ হৈ যোৱাৰ পিছতো কোনো ধৰণৰ উপযুক্ত চিকিৎসা আৰু সাহাৰ্য লাভ নকৰাৰ অভিযোগ কেশৱ গগৈৰ । ভুক্তভোগী পৰিয়ালটোৱে এতিয়া শয্যাশায়ী কেশৱ গগৈৰ উপযুক্ত চিকিৎসাৰ বাবে সকলোৰে পৰা সহায় বিচাৰিছে । লগতে প্ৰশাসনৰ জড়িয়তে সমগ্ৰ ঘটনাটোৰ এক ন্যায় দাবী উত্থাপন কৰিছে । যদি কোনো সদাশয় লোকে এই দুৰ্ভগীয়া পৰিয়ালটিলৈ সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে কেশৱ গগৈৰ পত্নীৰ নামত থকা NIRU GOGOI, A/C NO: 7208010046729 GARIM BIKASH BANK IFSC-UTBIORRGAGBNAGABAT BRANCH, TITABAR দ্বাৰা আৰ্থিকভাৱে সহায় আগবঢ়াব পাৰে ৷

লগতে পঢ়ক : Man Elephant conflict : বন্যহস্তীৰ সৈতে ল’ৰা ধেমালি কৰি আহত যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.