ETV Bharat / state

উত্তৰ প্ৰদেশৰ অযোধ্যালৈ যাব অসমৰ ৰাৱণ আৰু কুম্ভকৰ্ণ

author img

By

Published : Oct 13, 2019, 4:33 PM IST

অযোধ্যালৈ অসমৰ মুখা শিল্প ৷ সত্ৰভূমি মাজুলীৰ পৰা উত্তৰ প্ৰদেশৰ অযোধ্যালৈ নিয়া হ'ব অসমৰ মুখা শিল্প ৷

অযোধ্যালৈ অসমৰ মুখা শিল্প

মাজুলী,13 অক্টোবৰঃ অসমৰ ভাওনা সংস্কৃতিৰ পৰা হেৰাই যাব ধৰা বৰ মুখাৰ প্ৰচাৰ প্ৰসাৰ তথা সংৰক্ষণৰ হকে মাজুলীৰ চামগুৰি সত্ৰৰ এয়া বিশেষ প্ৰয়াস ।দিন ৰাতি একাকাৰ কৰি মাহজোৰা পৰিশ্ৰমৰ ফচল এয়া ৰাৱণ আৰু কুম্ভকর্ণৰ সম্পূৰ্ণ বৰ মুখা। বিশ্ব দৰবাৰত নিজৰ নাম আৰ্জিবলৈ সক্ষম হোৱা চামগুৰি সত্ৰৰ মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত তেখেতৰ শিষ্যৰ এটা দলে নিৰ্মাণ কৰি তুলিছে এই দুই বৰ মুখা ।

অযোধ্যালৈ অসমৰ মুখা শিল্প

একেদৰে সাজু কৰি তুলিছে হনুমান , বালি ,সুগ্ৰীৱ,জটায়ু,বিভীষণৰ মুখাও। মাজুলীৰ চামগুৰি সত্ৰত শিল্পী বৃন্দই নিৰ্মান কৰা সৰ্বমুঠ ন বিধ মুখা লৈ যোৱা হব উত্তৰ প্ৰদেশলৈ । এই বৰ মুখা সমূহ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ চৰকাৰে সাংস্কৃতিক বিভাগৰ উদ্যোগত মিউজিয়ামত সংৰক্ষণৰ ব্যৱস্থা কৰিছে । সম্পূৰ্ণ বৈজ্ঞানিক ভাৱে ইয়াক সংৰক্ষণ কৰাৰ লগতে অযোধ্যাত মাজুলীৰ বৰমুখাৰ প্ৰচলন তথা বৰমুখাৰ বুৰঞ্জী স্থাপনৰ ব্যৱস্থা কৰিব। গুৰুজনাই দি থৈ যোৱা এই অমৰ সৃষ্টি বহিঃৰাজ্যত প্ৰতিষ্ঠা হোৱা কথাই এতিয়া সকলোকে আনন্দিত কৰি তুলিছে। এই ইতিবাচক খবৰটোৱে এতিয়া সকলোকে প্ৰফুল্লিত কৰি তুলিছে। দেওবাৰে এই বৰমুখা উত্তৰ প্ৰদেশলৈ এখন ট্ৰাকেৰে ৰাওনা হ'ব । একেদৰে মুখা শিল্পী খগেন গোস্বামীও সংগ্ৰহালয়ত এই ন ভাগ বৰমুখা সুন্দৰকৈ সজাবলৈ ৰাওনা হ'ব উত্তৰ প্ৰদেশৰ অযোধ্যালৈ ৷

Intro:
ৰাম ৰ ৰাজ্য অযোধ্যালৈ ৰাৱন, কুম্বকৰ্নৰ যাত্ৰা!

ভাতৃ কুম্ভ কৰ্নক লগত লৈ অযোধ্যালৈ লংকেশ্বৰ……

এই যাত্ৰা লংকাৰ পৰা নহয় ,
এই যাত্ৰা সত্ৰভুমি মাজুলীৰ পৰা……

অযোধ্যাত নিগাজিকৈ বাস কৰিব লংকাৰ ভাতৃদ্বয়……

মাজুলীৰ এখন সত্ৰত ৰাৱন কুম্ভকৰ্ন এই দৰে সাজু হৈছে…

কলি যুগৰ এয়া ৰাৱন কুম্ভকৰ্ন …
দুয়ো ভাতৃৰ তৰ্জন গৰ্জন মাজুলীৰ সত্ৰত

এই ৰাৱন কুম্ভকৰ্ন ক চাবলৈ ৰাইজৰ ভিৰ………

v.o...মাজুলীৰ চামগুৰি সত্ৰৰ চোতালত ঠিয় হৈ থকা এই ৰাৱন অাৰু কুম্ভকৰ্ন যাব উত্তৰ প্ৰদেশৰ অযোধ্যালৈ। অযোধ্যাৰ সাাংস্কৃতিক বিভাগৰ মিউজিয়ামত নিগাজীকৈ থাকিব দুই ভাতৃ।হয় অসমৰ ভাওনা সংস্কৃতিৰ পৰা হেৰাই যাব ধৰা বৰ মুখা ৰ প্ৰচাৰ প্ৰসাৰ তথা সংৰক্ষনৰ হকে মাজুলীৰ চামগুৰি সত্ৰৰ এয়া শেহতীয়া প্ৰয়াস। বিশ্ব দৰবাৰত নিজৰ নাম অাৰ্জিবলৈ সক্ষম হোৱা চামগুৰি সত্ৰৰ মুখা শিল্পী হেমচন্দ্ৰ গোস্বামীৰ নেতৃত্বত তেখেতৰ শিষ্য ৰ এটা দলে নিৰ্মান কৰি তুলিছে এই দুই বৰ মুখা । দিন ৰাতি একাকাৰ কৰি মাহজোৰা পৰিশ্ৰমৰ ফচল এয়া ৰাৱন অাৰু কুম্ভকৰ্নৰ সম্পূৰ্ন বৰ মুখা। একেদৰে সাজু কৰি তুলিছে হনুমান , বালি ,সুগ্ৰীৱ,জটায়ু,বিভীষনৰ মুখাও। সৰ্বমুঠ ন বিধ মুখা মাজুলীৰ চামগুৰি সত্ৰত শিল্পী বৃন্দই নিৰ্মান কৰাৰ পাছত উত্তৰ প্ৰদেশলৈ লৈ যোৱা হব। উত্তৰ প্ৰদেশ ৰ অযোধ্যাত চৰকাৰে সাংস্কৃতিক বিভাগৰ উদ্যোগত মিউজিয়ামত সংৰক্ষনৰ ব্যৱস্থা কৰিছে।সম্পূৰ্ন বৈজ্ঞানিক ভাৱে ইয়াক সংৰক্ষন কৰাৰ লগতে অযোধ্যাত মাজুলীৰ বৰমুখাৰ প্ৰচলন তথা বৰমুখাৰ বুৰঞ্জী স্থাপনৰ ব্যৱস্থা কৰিব। গুৰুজনাই দি থৈ যোৱা এই অমৰ সৃষ্টি বহিৰাজ্যত প্ৰতিষ্ঠা হোৱা কথাই এতিয়া সকলোকে অানন্দিত কৰি তুলিছে। হাজাৰ নেতিবাচক খবৰৰ মাজতে এই ইতিবাচক খবৰে এতিয়া সকলোকে প্ৰফুল্লিত কৰি তুলিছে। দেওবাৰে এই বৰমুখা উত্তৰ প্ৰদেশলৈ এখন ট্ৰাকেৰে ৰাওনা হৈছে। একেদৰে মুখা শিল্পী খগেন গোস্বামীও উত্তৰ প্ৰদেশৰ অযিধ্যাৰ সংগ্ৰাহালয় এই ন ভাগ বৰমুখা সুন্দৰকৈ সজাবলৈ ৰাওনা হব।

Bite বিশিষ্ট মুখা শিল্পী ড‌‌‌‌০ হেমচন্দ্ৰ গোস্বামীBody:মাজুলীৰ পৰা যদুমণি শইকীয়া।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.