তেজপুৰ, ১৮ ফেব্ৰুৱাৰী : আজি মহা শিৱৰাত্ৰি (Mahashivratri 2023) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰ, দেৱালয়সমূহত ভক্তৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে । ৰাজ্যৰ বাকী জিলাৰ লগতে শোণিতপুৰৰ প্ৰতিটো শিৱ মন্দিৰ, দেৱালয়ত পুৱাৰে পৰা ভিৰ দেখা গৈছে (Mahashivratri celebration in Assam)। ইফালে শোণিতপুৰৰ বিভিন্ন শিৱ দেৱালয়সমূহতো চলিছে শিৱৰাত্ৰিৰ আয়োজন ৷ জিলাখনৰ ঢেকীয়াজুলিৰ পৰা মাত্ৰ ১২ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ত দেখা গৈছে শিৱৰাত্ৰিৰ মহা আয়োজন ।
ষষ্ঠ শতিকাৰ পৰা সপ্তম শতিকাত স্থাপিত বুলি ধাৰণা কৰা এই শিৱ থানক লৈ আছে বহু কেইটা কিংবদন্তি ৷ তাহানিতে ইয়াৰ পাহাৰত ঋষি শৃংগৰ আশ্ৰম থকা বুলি স্থানীয় ৰাইজে বিশ্বাস কৰা আৰু সেই ঋষিৰ নামৰেই অঞ্চলটোৰ শিঙৰি পাহাৰ নামকৰণৰ লগতে অঞ্চলটো শিঙৰি নামৰে পৰিচিত হৈ পৰে ৷ আনহাতে সত্য আৰু দ্বাপৰ যুগৰে সম্পৰ্ক থকা গুপ্তেশ্বৰ দেৱালয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ সৈতেও সংপৃক্ত হৈ আছে ৷
বিশ্বাস অনুসৰি ইয়াতে মহাপ্ৰতাপী বাণৰজাই আৰাধনা কৰি শিৱক সন্তুষ্ট কৰি বৰ লাভ কৰিছিল (Gupteswar Devalaya in Sonitpur)৷ কিন্তু বাণৰজাক বৰদান কৰাৰ পাছতেই মহাদেৱ গুপ্ত হোৱাৰ বাবেই এই থানক গুপ্তেশ্বৰ বুলি কোৱা হয় ৷ আন এক কাহিনী অনুসৰি বিশ্বনাথত বাণৰজাই দ্বিতীয় কাশী নিৰ্মাণ কৰিবলৈ সংগ্ৰহ কৰা এটা শিৱলিংগ নাৰদে শিঙৰিৰ এই স্থানত পানীৰ তলত লুকুৱাই ৰাখিছিল আৰু সেইবাবেই এই স্থানক গুপ্তেশ্বৰ বুলি কোৱা হয় ৷
উল্লেখ্য যে, গুপ্তেশ্বৰ দেৱালয়ৰ শিৱলিংগ বৰ্তমানেও পানীৰ তলতে আছে ৷ ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে দেশ আৰু চুবুৰীয়া দেশ নেপাল আৰু ভূটানৰ পৰাও বহু সংখ্যক দৰ্শনাৰ্থী অহা গুপ্তেশ্বৰ দেৱালয়লৈ শিৱৰাত্ৰি মেলাত দিনে লক্ষাধিক ভক্তৰ আগমণ ঘটে ৷ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনতীৰ্থ এই দেৱালয়ত শিৱৰাত্ৰি উপলক্ষে জহামাৰীৰ ৰাইজে বিগত ১৩৬ বছৰে ভাওনা প্ৰদৰ্শন কৰাৰ লগতে বড়ো ৰাইজে কৰে বাথৌ পূজা ৷
দেৱালয়খনত ইতিহাসে ঢুকি নোপোৱাৰ পৰাই একেৰাহে ধুনি জ্বলি আছে আৰু বড়ো ৰাইজে শিৱৰাত্ৰিত বছৰি খৰি দান দি আহিছে ৷ পৰ্যটনৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব থকা গুপ্তেশ্বৰ দেৱালয়ত পৰ্যটকৰ আকৰ্ষণ হোৱাকৈ উন্নয়নৰ বাবে চৰকাৰে ১০ কোটি টকা আগবঢ়াইছে ৷
আনহাতে চৰকাৰে শিঙৰিক কেন্দ্ৰ কৰি পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে আৰু বিভিন্ন কাম কৰিব পাৰে বুলি প্ৰকাশ কৰে গুপ্তেশ্বৰ দেৱালয়ৰ সৈতে জড়িত লোকসকলে ৷ এই ঐতিহাসিক দেৱালয়ত শনিবাৰৰ পৰা পাঁচদিনীয়াকৈ মহাশিৱৰাত্ৰি মেলা অনুষ্ঠিত হৈছে (Mahashivratri celebration in Gupteswar Devalaya)। প্ৰতিবছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে ৷
লগতে পঢ়ক :Maha shivratri 2023: শিৱৰাত্ৰি উপলক্ষে লখিমপুৰত মন্দিৰে মন্দিৰে ভক্তৰ লানি নিছিগা সোঁত