যোৰহাট,8 জানুৱাৰী : সমাগত ভোগৰ উৎসৱ ভোগালী বিহু। হেঁপাহৰ ভোগালীক আদৰাৰ বাবে ব্যস্ত হৈ পৰিছে অসমবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাজি উলিওৱা হৈছে আটকধুনীয়াকৈ ভেলাঘৰ আৰু মেজি ।ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটবাসীও ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাৰ বাবে। জিলাখনৰ বিভিন্ন ঠাইত সাজি উলিওৱা হৈছে ভেলাঘৰ। কিন্তু ২নং চৰাইবাহী গাঁৱৰ এটা ভেলাঘৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । চন্দ্ৰযান ২ৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰাত দিনে-নিশাই ব্যস্ত হৈ পৰিছে গাঁওবাসী । ২০০ৰো অধিক বাঁহ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই ভেলাঘৰটো প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত ।
![magh bihu prepration by villegers](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-jrt-7dec-magh-bihu-prepration-vis-byte-7203853_07012020081138_0701f_00083_787.jpg)
অন্য এক খবৰৰ বাবে: হাতী খেদিব নোৱাৰি ৰাইজৰ ৰোষত বন বিষয়া
উল্লখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বাবে ৰাজ্য উত্তাল হৈ থকাৰ মাজতেই হেঁপাহৰ ভোগালী বিহুৰ বাবে প্ৰস্তুতি চলিছে অসমৰ প্ৰতিটো প্ৰান্ততে । এইবাৰ ২নং চৰাইবাহী গাঁৱৰ ৰাইজে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন তথা প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে মেজিৰ জুইত দাহ কৰিব নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি ।