ETV Bharat / state

টীয়কত মহাপুৰুষ মাধৱদেৱৰ 531 সংখ্যক আৱিৰ্ভাৱ তিথি

মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে টীয়কবাসীয়ে ৰাজপথৰ মাজেৰে উলিয়ালে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা

author img

By

Published : Jun 3, 2019, 1:40 PM IST

টীয়কত মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন

টীয়ক,৩ জুনঃ মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ তিথি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় টীয়ক সমষ্টিৰ কাকজানৰ দুলীয়াগাঁওস্থিত টীয়ক আঞ্চলিক শাখাৰ নামঘৰত । উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে ভাগৱত ভ্ৰমণ তথা ৰাজপথৰ মাজেৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । যোৰহাট জিলা শাখাৰ উদ্যোগত টীয়ক আঞ্চলিকৰ আতিথ্যত আয়োজিত এই মহোৎসৱত শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ যুটীয়া সম্পাদক জ্ঞানাৰুণ কুমাৰ গগৈয়ে ৷ নিৰ্দিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়াই পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াই ৷ এই সকলোবোৰ কাৰ্যসূচীৰ মাজতে চলে সাংস্কৃতিক কাৰ্যসূচীও ।

Intro:Body:টীয়কত মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন/
বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মোহিত হ'ল ৰাজপথ
TEOK : মহাপুৰুষ মাধৱদেৱৰ ৫৩১ সংখ্যক আবিৰ্ভাৱ তিথি দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাকজান দুলীয়াগাঁওস্থিত টীয়ক আঞ্চলিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয়।উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ লগতে ভাগৱত ভ্ৰমণ তথা এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘ, যোৰহাট জিলা শাখাৰ উদ্যোগত টীয়ক আঞ্চলিকৰ আতিথ্যত আয়োজিত এই মহোৎসৱত শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাৰ যুটীয়া সম্পাদক জ্ঞানাৰুণ কুমাৰ গগৈয়ে ৷ নিৰ্দ্দিষ্ট বক্তা হিচাপে মন্তব্য আগবঢ়াই পদাধিকাৰ কমলাকান্ত গগৈয়ে ৷এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াই ৷লগতে কাৰ্যসূচীত মাজতে সাংস্কৃতিক কাৰ্যসূচীও সম্পন্ন হয় ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.