ETV Bharat / state

মাজুলীত হাতী-মানুহৰ সংঘাতৰ এখন বিপৰীত ছবি

author img

By

Published : Jul 27, 2020, 8:12 PM IST

প্ৰায়েই বাতৰিৰ শিৰোণাম দখল কৰে হাতী-মানুহৰ সংঘাতে ৷ কিন্তু শেহতীয়াকৈ বন্যহস্তীৰ প্ৰতি মানৱীয়তা প্ৰদৰ্শন কৰি চৰ্চালৈ আহিছে ৰাজ্যখনৰ একাংশ লোক ৷ বানাক্ৰান্ত বন্যপ্ৰাণীক খাদ্য যোগান ধৰিছে মাজুলীৰ শালমৰাবাসীয়ে ৷

love in conflict zone- majuli people help wild elephants during flood
মাজুলীত হাতী-মানুহৰ সংঘাতৰ এখন বিপৰীত ছবি

যোৰহাট,27 জুলাইঃ সদায়েই চৰ্চালৈ আহে হাতী মানুহৰ সংঘাত ৷ কিন্তু শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাজ্যখনৰ একাংশ মানুহৰ বন্যপ্ৰাণীৰ প্ৰতি থকা আদৰ আৰু মৰম ৷ সংঘাত নহয় বন্যপ্ৰাণীৰ প্ৰতি মৰম একাংশ মানুহৰ ৷ বন্যহস্তীৰ বিপদৰ বন্ধু হৈ পৰিছে মাজুলীৰ শালমৰাবাসী ৰাইজ ৷ বানাক্ৰান্ত বন্যপ্ৰাণীক খাদ্য যোগান ধৰিছে শালমৰাৰ একাংশ যুৱক তথা দাঁতিকাষৰীয়া ৰাইজে ৷

মাজুলীৰ শালমৰাৰ সন্মুখৰ এটা চাপৰিত সুদীর্ঘ ১৫ দিনে আবদ্ধ হৈ আছে ২৫ টা পোৱালী সহ ১২০ জনীয়া হাতীৰ জাক এই বৃহৎ হাতীৰ জাকটোক তিনিটা দিনে খাদ্য যোগান ধৰিছে শালমৰাবাসীয়ে ৷ এয়া শালমৰাৰ ৰাইজৰ মহানুভৱতা আৰু প্ৰকৃতি প্ৰেমৰ উকৃষ্ট নিৰ্দশন ৷

কিন্তু পৰিতাপৰ কথা যে,মাজুলীত বিগত ২০ টাকৈ বছৰে বসবাস কৰি থকা হস্তীকুলৰ বাবে নাই কোনোধৰণৰ হাইলেণ্ডৰ ব্যৱস্থা ।বন্যপ্ৰাণীৰ প্ৰতি শালমৰাবাসীৰ যি প্ৰেম,যি মানৱীয়তা সেয়া সঁচাই অনুকৰণীয় ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ শালমৰাবাসীৰ এটাই অনুৰোধ জনাইছে তেওঁ মাজুলীলৈ চাপৰি পৰিদৰ্শন কৰিবলৈ আহিলে যাতে লগত লৈ আহে অলপমান খাদ্য সামগ্ৰী ৷

লগতে চাওকঃ ভাৰত পাবহি দুৰন্ত যুঁজাৰু বিমান ৰাফেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.