ETV Bharat / state

Co-operative Society Scam: অসম বহুমুখী সমবায় সমিতিৰ লুণ্ঠন - Assam Multipurpose Cooperative Society Limited

অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ লুণ্ঠন (loot of Assam Multipurpose Cooperative Society) । সমবায় বিভাগৰ অভিযানৰ পাছতে পোহৰলৈ আহিছে সমবায়খনৰ ক'লা অধ্যায় ।

Jorhat
Jorhat
author img

By

Published : Jan 4, 2023, 7:11 PM IST

যোৰহাট, জানুৱাৰী : অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ লুণ্ঠনে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য (loot of Assam Multipurpose Cooperative Society) । সমবায়খনে চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰাৰ লগতে বহু অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল (scam in Assam Multipurpose Cooperative Society) ।

অসম চৰকাৰৰ সমবায় বিভাগে সমগ্ৰ অসমতে থকা শাখা কাৰ্যালয়সমূহত অভিযান চলাই বন্ধ কৰি দিয়াৰ পাছতে পোহৰলৈ আহিছে সমবায় সমিতিখনৰ একাংশ কৰ্মচাৰীৰ লুণ্ঠনৰ ক'লা অধ্যায় । তাৰ মাজতে অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ (Assam Multipurpose Cooperative Society Limited) বিৰুদ্ধে ব্যাপক অনিয়ম আৰু লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে । উল্লেখ্য, ৰাজ্যৰ সমবায় বিভাগে ইতিমধ্যে বন্ধ কৰি দিছে সমবায়খনৰ অসমৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ থকা শাখা কাৰ্যালয়সমূহ ।

লগতে সমবায় বিভাগে অভিযান চলাই সমবায় সমিতিখনৰ বহু নথি-পত্ৰও জব্দ কৰিছে (Assam Cooperative Society department) । ইয়াৰ পাছতে ২০০৬ চনৰ পৰা সমবায়খনৰ একাংশ কৰ্মচাৰীয়ে কেনেদৰে নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰিৰ প্ৰলোভনেৰে ধন আত্মসাতত লিপ্ত হৈছে সেই ঘটনা পোহৰলৈ আহিছে । সমবায় সমিতিখনৰ মৰিয়নি শাখাৰ শাখ প্ৰবন্ধক সীমা বৰাই বহু লোকৰ পৰা চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ইফালে এই সন্দৰ্ভত মুখ খুলিছে মৰিয়নিৰ নাগাজাংকাৰ ন-গাঁৱৰ তোষেশ্বৰ চুতীয়া নামৰ ভুক্তভোগী যুৱকজনৰ পৰিয়ালে । যুৱকজনক চাকৰি দিয়াৰ প্ৰলোভনেৰে ত্ৰিছ হাজাৰ টকা সংগ্ৰহ কৰিছিল সীমা বৰাই । ধন লাভৰ নামত সমবায় সমিতিখনে এখন শ্বেয়াৰ চাৰ্টিফিকেট দিছিল যুৱকজনক । কিন্তু যুৱকজনে আজিলৈকে চাকৰি লাভ নকৰিলে । আনহাতে, তেওঁ দিয়া ধন ঘূৰাই বিচাৰিলে সীমা বৰাই ভয়-ভাবুকি প্ৰদানৰো অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে ।

মাত্ৰ মৰিয়নিতে সীমা বৰা নামৰ শাখা প্ৰবন্ধকগৰাকীয়ে শতাধিক যুৱক-যুৱতীৰ পৰা কেইবা লক্ষাধিক টকা সংগ্ৰহ কৰাৰ তথ্য পোহৰলৈ আহিছে । আনহাতে, লুণ্ঠন আৰু অনিয়মেৰে অভিলেখ গঢ়া অসম বহুমুখী সমবায় সমিতি লিমিটেডৰ বিৰুদ্ধে অসম চৰকাৰৰ সমবায় সমতিয়ে পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :Adaroni Service Drivers Protest: আদৰণি সেৱা পুনৰ প্ৰৱৰ্তনৰ দাবীত অনিৰ্দিষ্টকালীন অনশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.