ETV Bharat / state

কংগ্ৰেছ বিহীন হ'ল টীয়ক পৌৰসভা!

লোকেশ্বৰী দাস টীয়কৰ কলিয়াপানী ব্লক মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী আছিল। দাসৰ এই যোগদানে অনাগত দিনত কংগ্ৰেছ দলত বাৰুকৈ প্ৰভাৱ পেলাব বুলি চৰ্চা হৈছে সচেতন মহলত । একমাত্ৰ ৱাৰ্ডটোৰ উন্নয়নৰ বাবেই অগপত যোগদান কৰিছে বুলি মত প্ৰকাশ কৰিছে উপ পৌৰপতি গৰাকীয়ে ৷

কংগ্ৰেছ বিহীন হ'ল টীয়ক পৌৰসভা
author img

By

Published : Jul 7, 2019, 6:48 PM IST

টীয়ক,7 জুলাই : টীয়ক পৌৰসভাৰ উপ পৌৰপতি লোকেশ্বৰী দাসৰ আনুষ্ঠানিকভাৱে অগপ দলত যোগদান ৷ টীয়কৰ কলিয়াপানী ব্লক মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী আছিল উপ-পৌৰপতি লোকেশ্বৰী দাস ৷

চাৰিটা বছৰৰ আগতে টীয়ক নগৰৰ তিনি নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হোৱা টীয়ক পৌৰসভাৰ পৌৰপতি তথা নিৰ্দলীয় প্ৰাৰ্থী গৰাকী আৰু দুই নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হোৱা শক্তিশালী কংগ্ৰেছী যুৱনেতাগৰাকীয়ে লোকসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰি পৌৰসভাখন বিজেপিৰ দখললৈ নিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ লগতে আন দুটা ৱাৰ্ডৰ এটাত অগপ আৰু আনটোত কংগ্ৰেছৰ প্ৰতিনিধি আছিল।

কংগ্ৰেছ বিহীন হ'ল টীয়ক পৌৰসভা!

আনহাতে দেওবাৰে প্ৰবীণ কংগ্ৰেছী তথা বৰ্তমান টীয়ক পৌৰসভাৰ উপ পৌৰপতি লোকেশ্বৰী দাসে প্ৰায় শতাধিক কৰ্মী সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে । নগৰৰ এক নম্বৰ ৱাৰ্ডৰ নিজৰ বাসগৃহত অনুষ্ঠিত কৰা এই যোগদান সভাত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাকে ধৰি অগপৰ জিলা তথা নগৰৰ দায়িত্বত থকা কেইবাজনো বিশিষ্ট নেতাৰ উপস্থিত থাকি নতুন সতীৰ্থসকলক আদৰণি জনায় ।উল্লেখযোগ্য যে লোকেশ্বৰী দাস টীয়কৰ কলিয়াপানী ব্লক মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী আছিল । দাসৰ এই যোগদানে অনাগত দিনত কংগ্ৰেছ দলত বাৰুকৈ প্ৰভাৱ পেলাব বুলি চৰ্চা হৈছে সচেতন মহলত । একমাত্ৰ ৱাৰ্ডটোৰ উন্নয়নৰ বাবেই অগপত যোগদান কৰিছে বুলি মত প্ৰকাশ কৰিছে উপ পৌৰপতি গৰাকীয়ে ৷ যদিও আগন্তুক নিৰ্বাচনত পুনৰ ৱাৰ্ডটো নিজৰ দখললৈ অনাৰ স্বাৰ্থতহে অগপত যোগদান কৰিছে বুলি একাংশই মন্তব্য কৰিছে ।

Intro:Body:কংগ্ৰেছ মুক্ত হ'ল টীয়ক পৌৰসভা
TEOK:চাৰিটা ৱাৰ্ডেৰে গঠিত টীয়ক পৌৰসভা আজি কংগ্ৰেছ মুক্ত হ'ল। আজিৰ পৰা চাৰিটা বছৰৰ আগতে টীয়ক নগৰৰ তিনি নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হোৱা টীয়ক পৌৰসভাৰ পৌৰপতি তথা নিৰ্দলীয় প্ৰাৰ্থী গৰাকী আৰু দুই নম্বৰ ৱাৰ্ডৰ পৰা বিজয়ী হোৱা শক্তিশালী কংগ্ৰেছী যুৱনেতাগৰাকীয়ে লোকসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰি পৌৰসভাখন বিজেপিৰ দখললৈ নিবলৈ সক্ষম হৈছিল য'ত আন দুটা ৱাৰ্ডৰ এটাত অগপ আৰু আনটোত কংগ্ৰেছৰ প্ৰতিনিধি আছিল।কিন্তু আজি প্ৰবীন কংগ্ৰেছী তথা বৰ্তমান টীয়ক পৌৰসভাৰ উপ পৌৰপতি লোকেশ্বৰী দাসে প্ৰায় শতাধিক কৰ্মী সমৰ্থকক লৈ আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে।নগৰৰ এক নম্বৰ ৱাৰ্ডৰ নিজৰ বাসগৃহত অনুষ্ঠিত কৰা এই যোগদান সভাত টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাকে ধৰি অগপৰ জিলা তথা নগৰৰ দায়িত্বত থকা কেইবাজনো বিশিষ্ট নেতাৰ উপস্থিত থাকি নতুন সতীৰ্থসকলক আদৰণি জনায়।উল্লেখযোগ্য যে লোকেশ্বৰী দাস টীয়কৰ কলিয়াপানী ব্লক মহিলা কংগ্ৰেছৰ উপ সভানেত্ৰী আছিল।দাসৰ এই যোগদানে অনাগত দিনত কংগ্ৰেছ দলত বাৰুকৈ প্ৰভাৱ পেলাব বুলি চৰ্চা হৈছে সচেতন মহলত।একমাত্ৰ ৱাৰ্ডটোৰ উন্নয়নৰ বাবেই অগপত যোগদান কৰিছে বুলি মত প্ৰকাশ কৰিছে উপ পৌৰপতি গৰাকীয়ে যদিও আগন্তুক নিৰ্বাচনত পুনৰ ৱাৰ্ডটো নিজৰ দখললৈ অনাৰ স্বাৰ্থতহে অগপত যোগদান কৰিছে বুলি একাংশই মন্তব্য কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.