যোৰহাট, 10 মে': মহামাৰী কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে দিনৰ দুই বজাৰ পৰা জাৰি কৰিছে সান্ধ্য আইন ৷ জৰুৰীকালিন সেৱাৰ বাহিৰে আন সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ দিয়াৰ পাচতো যোৰহাটত একাংশ অসচেতন লোকে ভংগ কৰিলে চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা ৷ সান্ধ্য আইনৰ মাজতে যোৰহাটত সংঘটিত হ'ল আজৱ কাণ্ড ৷
সান্ধ্য আইনৰ মাজতে যোৰহাটত সুৰাৰ ৰমৰমীয়া বেহা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থকাৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে যোৰহাটত চলাইছে সুৰাৰ ৰমৰমীয়া ব্যৱসায় ৷ 6 বজাৰ পাচত হোটেলৰ শ্বাটাৰ বন্ধ ৰাখি সুৰাৰ ব্যৱসায় চলাই আছে একাংশ হোটেলৰ মালিকে ৷ দেওবাৰে যোৰহাটৰ নিউভিল ৰোডৰ এখন হোটেলত শ্বাটাৰ বন্ধ কৰি সুৰাৰ ব্যৱসায় চলাই থাকোতেই যোৰহাট আৰক্ষীয়ে হাতে-লোটে ধৰিলে হোটেলৰ মালিক আৰু সুৰাৰ আদ্দাত বহা যুৱকক। অভিযানত 4 জন যুৱকসহ 4 খন বাইক জব্দ কৰিলে আৰক্ষীয়ে ৷
লগতে পঢ়ক: ধুবুৰীত কাঠভৰ্তি ট্ৰাক জব্দ