যোৰহাট, 9 জুলাই : 1927 চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত ব্ৰিটিছে ভাৰতত প্ৰথম অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰিছিল । 1926 চনত হোৱা এখন চুক্তি মৰ্মে 1927 চনৰ 23 জুলাইত বোম্বাই কেন্দ্ৰ আৰু একে বছৰৰে 26 আগষ্টত কলকাতা কেন্দ্ৰৰ কাৰ্যসূচী আৰম্ভ হয় । দুটা বছৰ পৰীক্ষামূলকভাৱে কাৰ্যসূচী সম্প্ৰচাৰ কৰাৰ অন্তত 1932 চনৰ মে’ মাহৰ পৰা স্থায়ীভাৱে কাৰ্যসূচী সম্প্ৰচাৰ আৰম্ভ হয় । 1936 চনৰ 8 জুনৰ পৰা এই কোম্পানীটো অল ইণ্ডিয়া ৰেডিঅ' বুলি নতুন নামকৰণ হয় ।
‘‘নমস্কাৰ শ্ৰোতাবন্ধু এইয়া আকাশবাণী । মিডিয়াম ৱেভৰ 5 শ 29 দশমিক এক মিটাৰত শ্ৰোতা সকলে অনুষ্ঠান শুনিছে আকাশবাণী কেন্দ্ৰৰ যোগেদি ৷’’ এই শাৰীকেইটাই নষ্টালজিক কৰি তোলে সকলোকে ৷ এই শাৰীকেইটাই সোঁৱৰাই দিয়ে পুৰণি দিনৰ স্মৃতি ৷ দিন মাহ বছৰ বাগৰি গ’ল যদিও এই শাৰীকেইটাৰ গুৰুত্ব সদায় একে হৈয়ে আছে ৷
ৰেডিঅ’ৰ অনুষ্ঠান এফ.এম ব্ৰেণ্ডৰ জৰিয়তে তথা আমাৰ ম’বাইল ফোনত থকা ৰেডিঅ’ত অতি সহজেই শুনিব পাৰো ৷ কিন্তু জানেনে, ৰেডিঅ' শুনিবলৈ এটা সময়ত প্ৰয়োজন হৈছিল লাইচেঞ্চ(License)ৰ । কিন্তু কি এই ৰেডিঅ'ৰ লাইচেঞ্চ(Radio License) আৰু কেনেদৰে ইয়াক পোৱা গৈছিল এয়া এক গুৰুত্বপূৰ্ণ বিষয় ৷
যোৰহাটৰ ৰজাবাৰীৰ 70 ৰ উৰ্ধৰ এজন ব্যক্তি । নাম প্ৰদ্যুমন সিং কালচি । সৰুৰে পৰা প্ৰদ্যুমন সিং কালচিৰ ৰেডিঅ'ৰ প্ৰতি আছিল এক দুৰ্বাৰ আকৰ্ষণ আৰু এই আকৰ্ষণৰ বাবে তেওঁ ক্ৰয় কৰিছিল বহু ৰেডিঅ'(Radio) তথা ট্ৰাঞ্জিচটৰ(Transistor)। এই ৰেডিঅ' সমূহ ক্ৰয় কৰোতে তেওঁ লাভ কৰিছিল একোখন লাইচেঞ্চ। কিয়নো সেই সময়ত ৰেডিঅ' শুনিবৰ বাবে ল'ব লগা হৈছিল অনুমতি যাৰ বাবে দৰকাৰ হৈছিল লাইচেঞ্চ।
লগতে পঢ়ক:তাহানিৰ ৰেডি'অৰ মৰ্যদা এতিয়াও বিদ্যমান ভিতৰুৱা গ্ৰামাঞ্চলত
এই লাইচেঞ্চ(License) সমূহ প্ৰদান কৰিছিল ডাকঘৰে, লাইচেঞ্চৰ মূল্য ভৰিবলগীয়া হৈছিল প্ৰতি বছৰে 15 টকা । সময়মতে এই লাইচেঞ্চ ৰিনিউ কৰা নহ'লে ভৰিবলগীয়া হৈছিল 1 টকা লেট ফাইন(late fine) । ৰিনিউ(Renew) কৰাৰ সময়ত ডাক টিকেট লগাই মোহৰ মাৰি দিছিল ডাকঘৰে । তদুপৰি ৰেডিঅ' শুনিবৰ বাবে লাইচেঞ্চ নথকা লোকসকলে ভৰিব লগীয়া হৈছিল পেনাল্টি । প্ৰদ্যুমন সিঙে 1957 চনৰ পৰা বৰ্তমানলৈকে শুনি আহিছে ৰেডিঅ' । তেওঁৰ ওচৰত সেই সময়ৰ কেইবাটাও ৰেডিঅ' থকাৰ লগতে আছে বৰ্তমানৰ ৰেডিঅ' ৷
ক্ৰিকেটেই হওক বা ফুটবলেই হওক তিনিআলিৰ দোকানত ৰেডিঅ'টো মাজত ৰাখি খেলৰ ধাৰাবাহিক ঘোষণা শুনাৰ মাদকতাই সুকীয়া । তদুপৰি পকাই পকাই বিভিন্ন চেন্টাৰ শুনাৰ সুখবোৰো অনন্য । 60 ৰ দশকৰ পৰা 90 দশকলৈ ৰাইজৰ মাজত এক বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ৰেডিঅ'ই । তথাপিও যেন স্মৃতিৰ বৰপেৰাটোৰ কোনোবাতো চুকত এতিয়াও সাঁচি থোৱা আছে মৰমৰ ৰেডিঅ'টো ।
পুৰণি দিনবোৰত প্ৰায় ঘৰ মানুহৰেই পুৱাবোৰ আৰম্ভ হৈছিল ৰেডিঅ’ৰ অনুষ্ঠান পুৱাৰ বাতৰি, গীতিমালিকাৰে ৷ অনুষ্ঠানবোৰৰ সময়বোৰে যেন ঘড়ীৰ দৰে কাম কৰিছিল ৷ এতিয়া দিন সলনি হ’ল ৷ প্ৰযুক্তিয়ে আমাৰ হাতৰ ম’বাইলটোতেই গোটেই পৃথিৱীখন তুলি দিছে ৷ এই ৰেডিঅ’ ৰ লাইচেঞ্চবোৰো এতিয়া স্মৃতিৰ ভাঁজত ৷ ডায়েৰীৰ হালধীয়া পাতত এতিয়াও যেন বহুজনৰ বাবে সেউজীয়া হৈ ৰৈছে নষ্টালজীয়া ৰেডিঅ'ৰ স্মৃতি ৷
লগতে পঢ়ক:প্ৰাসংগিক হৈ উঠিছে এসময়ৰ আবেগ ৰেডিঅ'