ETV Bharat / state

তিতাবৰত বনৰজাৰ আতংক

শেহতীয়াকৈ তিতাবৰৰ গড়আলিৰ ধলি অঞ্চলত নাহৰফুটুকীৰ মুক্ত বিচৰণ চলিছে ৷ আংশিক লক ডাউনৰ বাবে যান-বাহনৰ চলাচল কমি যোৱাত অঞ্চলটোত খাদ্যৰ সন্ধানত অহা বনৰজাই আতংকিত কৰি তুলিছে ৰাইজক ৷

leopard-roaming-around-in-titabar
তিতাবৰত বন ৰজাৰ আতংক
author img

By

Published : May 29, 2021, 2:14 PM IST

তিতাবৰ,29 মে’: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বন্যহস্তীৰ উপদ্ৰৱৰ পাছতে যোৰহাট জিলাৰ তিতাবৰত এইবাৰ বনৰজাৰ আতংক ৷ বিয়লি হোৱাৰ লগে লগে ৰাজপথত বিচৰণ কৰিবলৈ লৈছে বনৰজাই ৷ এই ঘটনা সংঘটিত হৈছে তিতাবৰৰ গড়আলিৰ ধলি অঞ্চলত । খাদ্যৰ সন্ধানত এনেদৰেই এতিয়া হাবিৰ পৰা ওলাই আহি গৰু-ছাগলী বধ কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে বনৰজাই ৷

ইপিনে, শনিবাৰে গা ধুবলৈ যোৱা অৱস্থাত বোকাহোলা চাহ বাগিচাৰ বিদ্যাধৰ মল্লিক নামৰ এজন যুৱকক এটা নাহৰফুটুকীয়ে আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয় যুৱকজন । ইয়াৰ পিছতো কিন্তু বনৰজাক নিয়ন্ত্ৰণ কৰিবৰ বাবে কাণসাৰ নাই বন বিভাগৰ ৷

তিতাবৰত বনৰজাৰ আতংক

তিতাবৰ গড়আলি পথৰ ধলি নদীৰ পকী দলঙৰ সমীপতে বিগত কেইদিনমানৰ পৰা ক্ৰমাৎ এনেদৰে বৃদ্ধি পাইছে নাহৰফুটুকীৰ মুক্ত বিচৰণ । আংশিক লক ডাউনৰ বাবে যান-বাহনৰ চলাচল কমি যোৱাত এইদৰেই এতিয়া তিতাবৰত ৰাজপথলৈ ওলাই আহিছে বনৰজা । এই ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ ৷

লগতে পঢ়ক: শিৱসাগৰৰ হালোৱাটিঙত গাঞ্জা ব্যৱসায়ী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.