যোৰহাট,10 মাৰ্চ: নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ মাজতে যোৰহাটৰ মালৌ আলিত বৃহৎ ৰাশিৰ নগদ ধন জব্দ ৷ আৰক্ষী আৰু চি আৰ পি এফ ফ্লায়িংস্কোৱাড 4ৰ যৌথ অভিযানত জব্দ কৰে ধনখিনি ৷ অৰূপ বৰুৱা নামৰ এজন লোকে AS-03-H-0169নম্বৰৰ এখন wagonr বাহনেৰে ধনখিনি লৈ গৈ থকা অৱস্থাত জব্দ কৰে ধনখিনি ৷
উল্লেখ্য যে, নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলাত উপযুক্ত নথি-পত্ৰ অবিহনে অধিক নগদ ধন সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰা আছে ৷ সম্প্ৰতি বৃহৎ পৰিমাণৰ টকা খিনি লোকজলে কিয় আনিছিল সেই সম্পৰ্কে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক: নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত জব্দ লক্ষাধিক টকা