মৰিয়নী, ২১ মে': বৃহস্পতিবাৰে তৃতীয়খন শ্ৰমিক ৰে'ল উপস্থিত হয় মৰিয়নীত । নিৰ্ধাৰিত সময়তকৈ প্ৰায় 9 ঘন্টা পলমকৈ মৰিয়নী জংচনত উপস্থিত হয় ৰে'লখন । ৰে'লখনত অহা মুঠ 72 গৰাকী যাত্ৰীৰ যোৰহাটৰ 18জন, গোলাঘাটৰ 19 জন, চৰাইদেওৰ 12 জন, শিৱসাগৰৰ 1, ডিমাপুৰৰ 7 জন আৰু কাৰ্বিআলংৰ15 জন যাত্ৰী বুলি জানিবলৈ দিয়ে । আটাইকেইজন যাত্ৰী উপস্থিত হোৱা পাচতে স্বাস্থ্য পৰীক্ষা কৰে যদিও কোনো যাত্ৰীৰ দেহত COVID-19ৰ উপস্থিতি ধৰা নপৰে ।
আনহাতে মৰীয়নি জংচনত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী । কৰ্মীয়ে যাত্ৰীসকলৰ খবৰ লোৱা উফৰিও শ্ৰমিক ৰে'লত অহা নাগালেণ্ডৰ ডিমাপুৰৰ যাত্ৰী সকলক ডিমাপুৰ ষ্টেচনত নামিব নিদি মৰিয়নী অনা কাৰ্যত আচম্বিত হয় বিধায়ক গৰাকী । মৰিয়নী জংচনত নমাৰ পাছত অন্য জিলাৰ যাত্ৰী সকলক বাছেৰে নিজ নিজ জিলালৈ প্ৰেৰণ কৰে ফলত যাত্ৰী সকলে ঘন্টা ঘণ্টা ধৰি বহু কষ্টৰ সন্মুখীন হ'ব লগাত পৰে ।
অন্য জিলাৰ এই যাত্ৰী সকলৰ কষ্ট লাঘৱ কৰিবৰ বাবে বিধায়ক কুৰ্মীয়ে ডিমাপুৰৰ যাত্ৰীৰ বাবে ডিমাপুৰ ষ্টেচন, কাৰ্বিআলংৰ যাত্ৰীৰ বাবে ডিফু ষ্টেচন, গোলাঘাটৰ যাত্ৰীৰ বাবে ফৰকাটিং ষ্টেচন আৰু শিৱসাগৰ/চৰাইদেওৰ যাত্ৰীৰ বাবে শিমলুগুৰি ষ্টেচনত ৰে'ল ৰখাৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনায় ।
উল্লেখ্য যে, ৰাজ্যচৰকাৰে সমষ্টিভিত্তিত কোৱাৰেণ্টাইন মেনেজমেণ্ট কমিটি গঠন কৰি কোৱাৰেণ্টাইন কেন্দ্ৰ সমূহ তদাৰক কৰাৰ লগতে অন্যান্য বহুতো দায়িত্ব এই কমিটি সমূহৰ হাতত অৰ্পণ কৰে । সমষ্টিৰ ভিত্তিত গঠন হোৱা এই কমিটিখনৰ বিষয়ববীয়া চৰকাৰে নিৰ্বাচিত কৰি দিয়ে । সমষ্টি ভিত্তিক গঠন কৰা মৰিয়নীৰ কমিটি খনৰ অধ্যক্ষ হিচাপে বিধায়ক কুৰ্মীক নিৰ্বাচিত কৰে যদিও কমিটি খনৰ সহ অধ্যক্ষ হিচাপে চৰকাৰে মৰিয়নী প্ৰাক্তন বিধায়ক তথা সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ আলোক কুমাৰ ঘোষক নিৰ্বাচন কৰাক লৈ ক্ষুব্ধ হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰূপজ্যোতিয়ে ।