ETV Bharat / state

মাঘ বিহুৰ উৰুকাৰ দিনাই 24ঘন্টীয়া অনশনত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি

যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

author img

By

Published : Jan 14, 2020, 3:18 PM IST

kmss protest
24ঘন্টীয়া অনশন

যোৰহাট,14 জানুৱাৰীঃ হেঁপাহৰ ভোগালীক লৈ ৰাজ্যবাসী ব্য়স্ত থকাৰ মাজতে যোৰহাটত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী ৷ ভোগৰ ভোগালীৰ উৰুকা দিনটোত ২৪ ঘন্টীয়া অনশনৰে প্ৰতিবাদীত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰিজনকৈ জেষ্ঠ কৰ্মী ৷ নাগৰিকত্ব সংশোধনী আইন বাতিল তথা অখিল গগৈসহ সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২৪ ঘন্টীয়া অনশনত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেষ্ঠ কৰ্মীসকলে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 24ঘন্টীয়া অনশন

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেষ্ঠ সভাপতি উমেশ বৰা, সুনন্দ বৰা, গুণিন দত্ত আৰু যদুমণি মহন্তই এইবাৰ বিহু পৰিহাৰ কৰি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । শেহতীয়াকৈ জাতিটোৰ বাবে প্ৰাণ আহুতি দিয়া ৫ জনকৈ শ্বহীদৰ ঘৰতো নাই ভোগালী বিহুৰ উৰুকাৰ আনন্দ । সেয়েহে উৰুকাৰ আনন্দ বৰ্জন কৰি জাতিৰ বাবেই এই প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷

লগতে পঢ়কঃ মাজুলীত আৰম্ভ 'মনগীত' ফেষ্টিভেল

Intro:নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু কাৰাবন্দীক বিনাচৰ্তে মুক্তিৰ দাবীত ২৪ ঘন্টীয়া অনশন।।

Body:আজি মাঘৰ উৰুকা।ৰাজ্যখনৰ সকলো লোক ব্যস্ত ভোগৰ ভোগালীকলৈ।কিন্তু এই ভোগৰ ভোগালীৰ উৰুকা দিনটোত ২৪ ঘন্টীয়া অনশন ৰে প্ৰতিবাদীত বঢ়িল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰিজনকৈ জেষ্ঠ কৰ্মীয়ে।

নাগৰিকত্ব সংশোধনী আইন বাতিল তথা অখিল গগৈ সহ সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীৰে যোৰহাট জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত ২৪ ঘন্টীয়া অনশন নামি পৰিল।

byte_উমেশ বৰা(সভাপতি-কৃষক মুক্তি সংগ্ৰাম সমিতি)

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জেষ্ঠ সভাপতি উমেশ বৰা,সুনন্দ বৰা,গুণিন দত্ত আৰু যদুমণি মহন্তই বিহু বাদ দি
প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Conclusion:ভোগালী বিহুৰ উৰুকা দিনটো জাতিৰ বাবে প্ৰাণ আহুতি দিয়া ৫ জনকৈ শ্বহীদৰ ঘৰতো নসয় আজি ভোগৰ উৰুকা।।সেয়েহে উৰুকালৈ পিঠি দি জাতিৰ বাবেই এই প্ৰতিবাদ কৃষক মুক্তিৰ।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.