ETV Bharat / state

যোৰহাটত গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা

author img

By

Published : Dec 3, 2019, 7:00 PM IST

Updated : Dec 3, 2019, 8:26 PM IST

সময়ে সময়ে জনকল্যাণমূলক কামৰে খবৰৰ শিৰোনামা দখল কৰা বিৰাজ হাজৰিকা পুনৰ চৰ্চালৈ আহিছে ৷ হাজৰিকাক দেখা গ’ল পশ্চিম যোৰহাটৰ পানীচঁকুৱা বালিপুখুৰীত ৷ উদ্দেশ্য হৈছে উক্ত গাঁৱৰ এগৰাকী অসহায় মহিলাৰ বাবে এটা পকীগৃহ নিৰ্মাণ কৰি দিয়া ৷

প্ৰথমবাৰৰ বাবে নিজৰ উপাৰ্জনৰ অংশৰে গৃহ নিৰ্মাণত সহায় কৰিছে গৰীবৰ বন্ধু খ্যাত বিৰাজ হাজৰিকাই
যোৰহাটত উপস্থিত গৰীবৰ বন্ধু বিৰাজ হাজৰিকা

যোৰহাট, 3 ডিচেম্বৰ: সময়ে সময়ে জনকল্যাণমূলক কামৰ জৰিয়তে খবৰৰ শিৰোনামা দখল কৰা বিৰাজ হাজৰিকা পুনৰ চৰ্চালৈ আহিছে ৷ গৰীৱৰ বন্ধু খ্যাত বিৰাজ হাজৰিকা পেচাত এজন কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ কৰ্মচাৰী ৷ এইবাৰ হাজৰিকাক দেখা গ’ল পশ্চিম যোৰহাটৰ পানীচঁকুৱা বালিপুখুৰীত ৷ হাজৰিকাৰ উদ্দেশ্য হৈছে উক্ত গাঁৱৰ এগৰাকী অসহায় মহিলাৰ বাবে এটা পকীগৃহ নিৰ্মাণ কৰি দিয়া ৷

প্ৰাপ্ত খবৰ অনুসৰি, বালিপুখুৰী গাঁৱত সুদীৰ্ঘ ২২ বছৰে এক পৰিত্যক্ত ঘৰত বাস কৰি আহিছিল বিশেষভাৱে সক্ষম কন্যাৰ সৈতে এগৰাকী মহিলা ৷ অৱহেলিত জীৱন কটোৱা মিনা বৰা নামৰ মহিলাগৰাকীক ঢুকি পোৱা নাছিল কোনো চৰকাৰী আঁচনিয়ে ৷ খবৰ পোৱা মাত্ৰকে মহিলা গৰাকীৰ কাষত উপস্থিত হয় বিৰাজ হাজৰিকাই ৷ কৰ্মব্যস্ততাৰ মাজতে হাজৰিকাই যোৰহাটত উপস্থিত হৈ আৰম্ভ কৰে অসহায় মহিলা গৰাকীৰ বাবে নতুন গৃহৰ কাম । হাজৰিকাৰ এই কামত সংগ দিছে পত্নী ৰিমি হাজৰিকাই ৷ সেই উদ্দেশ্যে মঙলবাৰে অনুষ্ঠিত কৰে নিৰ্মাণ হ’বলগীয়া গৃহৰ মাঙ্গলিক কৰ্ম ৷ হাজৰিকাৰ মহানুভৱতাৰ বাবে গৃহ নিৰ্মাণস্থলীত হুকহুকাই কান্দি উঠে মিনা বৰাই । সম্প্ৰতি বিৰাজ হাজৰিকা আৰু পত্নী ৰিমি হাজৰিকাই তিনিখন জিলাত আৰ্তজনৰ বাবে ৰুটি আৰু কাপোৰ বেংক গঠন কৰিছে । ইফালে দম্পতিহালে ৰাজ্যৰ প্ৰত্যেক জিলাতে উক্ত বেংকৰ শাখা খোলাৰ লক্ষ্য বান্ধি লৈছে । স্মৰ্তব্য যে, প্ৰথমবাৰৰ বাবে নিজৰ উপাৰ্জনৰ অংশৰে গৃহ নিৰ্মাণত সহায় কৰিছে গৰীৱৰ বন্ধু খ্যাত বিৰাজ হাজৰিকাই ৷

লগতে চাওক:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ

সৰ্দীঘ ২২ টা বছৰৰ পাছত মুখলৈ আহিল হাহি।।শীতৰ সেমেকা ৰাতিত কটাব নেলাগে উজাগৰী নিশা।।

সুৰ্দীঘ ২২ টা বৰ্ষ।এটা ভগ্ন প্ৰায় ঘৰত বাস কৰি আহিছিল একমাত্ৰ বিশেষ ভাৱে সক্ষম কণ্যাৰ সৈতে।কাৰো সময় নাই ঘৰখনৰ দুটা প্ৰাণীৰ জীৱনক লৈ।চৰকাৰী ব্যৱস্থা ও ঢুকি নোপোৱা এই গৰাকী মহিলাৰ কাষত দেৱদূত স্বৰূপ গৰীবৰ বন্ধু বিৰাজ হাজৰিকা।ইতিমধ্যে গৰীবৰ বন্ধু হিচাপে পৰিগণিত হোৱা বিৰাজ হাজৰিকা এজন কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ কৰ্মচাৰী।মাত্ৰ ১২ দিনৰ ছুটীৰ মাজতে আহিছে পশ্চিম যোৰহাটৰ পানীচকুৱা বালিপুখুৰী গাৱলৈ।লক্ষ্য উদ্দেশ্য হৈছে এগৰাকী অসহায় নাৰীৰ বাবে এটা পকী গৃহ নিৰ্মাণ কৰি দিয়া।সেই উদ্দেশ্য লৈ উপস্থিত হয় পানীচকুৱাৰ বালি পুখুৰী গাৱৰ মীনু বৰাৰ ঘৰত।আহিয়েই আৰম্ভ নতুন গৃহৰ কাম।মুঠৰ ওপৰত এগৰাকী অসহায় মাতৃক এটা পকী গৃহ নিৰ্মাণ কৰি দিয়াৰ।কৰ্মস্হলী নাজিৰাৰ পৰা আহিছে পত্নীৰ সৈতে।

২২ বছৰ ভগ্ন প্ৰায় গৃহতো কাষতে দেৱদুত স্বৰূপ বিৰাজ হাজৰিকাৰ নিৰ্মাণ কৰিব লগীয়া গৃহৰ মাঙ্গলীক কৰ্ম সম্পন্ন কৰি হুক হুকাই কান্দি উঠিল মিনা বৰা।

ইতিমধ্যে বিৰাজ হাজৰিকা আৰু পত্নী ৰিমি হাজৰিকাই তিনিখন জিলাত ৰুটি আৰ কাপোৰ বেংক গঠন কৰিছে।সমগ্র ৰাজ্য খনৰ প্ৰত্যেক জিলাটৈই একোটা বেংকৰ শাখা খোলাৰ লক্ষ্য বান্ধি লৈছে।প্ৰথম বাৰৰ বাবে নিজৰ কৰ্মৰ উপাৰ্জনৰ এটা অংশৰে গৃহ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে গৰীবৰ বন্ধু খ্যাত বিৰাজ হাজৰিকাই।
Last Updated : Dec 3, 2019, 8:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.