ETV Bharat / state

karam puja 2023 : কোম্পানীৰ মাটিহে চাহ শ্ৰমিকে দান দিছে অমৃত কলহলৈ; আটছা - শ্ৰমিকসকলক দূৰ্গা পূজাৰ বোনাচ

টীয়কত আটছা যোৰহাট জিলা সমিতিৰ উদ্যোগত কৰম পূজা উদযাপন ৷ মাদলৰ তালে তালে ঝুমুৰ গালে-নাচিলে শ্ৰম মন্ত্ৰী আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ অমৃত কলহ যাত্ৰাক সমালোচনা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাৰ ৷

Karam Puja in Assam
যোৰহাট জিলা সমিতিৰ উদ্যোগত কৰম পূজা উদযাপন
author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:18 PM IST

যোৰহাট জিলা সমিতিৰ উদ্যোগত কৰম পূজা উদযাপন

টীয়ক, 15 অক্টোবৰ: টীয়ক চাহ বাগিচাত আটছা যোৰহাট জিলা সমিতিয়ে টীয়কবাসীৰ সহযোগত কেন্দ্ৰীয়ভাৱে শনিবাৰে কৰম পূজা অনুষ্ঠিত কৰে । উক্ত বৰ্ণাঢ্য কাৰ্যসূচীত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা, দোলেন নায়ককে প্ৰমুখ্য কৰি ভালেসংখ্যক আটছাৰ বিষয়ববীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা, স্থানীয় কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উক্ত অনুষ্ঠানত শ্ৰম মন্ত্ৰী আৰু সাংসদ গৰাকীয়ে মাদলৰ তালে তালে ঝুমুৰ গাই নাচি পৰিৱেশটো অধিক উৎসৱমুখৰ কৰি তোলে ৷ লগতে এই উৎসৱে সকলোৰে মাজত ঐক্য তথা সম্প্ৰীতি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে । উল্লেখযোগ্য যে অসম চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনাই যে অসম চৰকাৰে ইতিমধ্য চাহ জনগোষ্ঠীটোৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰ্তমানেও বহু কৰিবলগীয়া আছে ।

লগতে চৰকাৰে প্ৰতিখন বাগিচাৰ মালিক পক্ষক শ্ৰমিকসকলক দূৰ্গা পূজাৰ বোনাচ 20% দিবলৈ যি নিৰ্দেশ প্ৰদান কৰিছে সেয়া অতি প্ৰসংশনীয় বুলি অভিহিত কৰে ৷ লগতে, এই ক্ষেত্ৰত যদি কোনো বাগিচাই চৰকাৰৰ নিৰ্দেশক আওকাণ কৰিছে তেন্তে নিশ্চিতভাৱে সেইসমূহ বাগিচাৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে যি সময়ত অমৃত কলহ যাত্ৰাক লৈ ৰাজ্যখনৰ ৰজাঘৰ, প্ৰজাঘৰৰ মাজত ব্যস্ততাৰ অন্ত নোহোৱা সদৃশ এক পৰিৱেশৰ সূচনা হৈছে সেই সময়ত অমৃত কলহ যাত্ৰাক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই তীৰ্যক মন্তব্য প্ৰকাশ কৰিছে ।

গোৱালাই কয় চাহ শ্ৰমিকসকলে, " কোম্পানীৰ মাটিহে অমৃত কলহ যাত্ৰাত দিব লগা হৈছে ৷ যিহেতু চাহ শ্ৰমিকসকলৰ নিজা ভূমি নাই । চাহ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপিয়ে । এই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী হোৱা নাই ।"

লগতে পঢ়ক: Guwahati literature Festival 2023: শংকৰদেৱ কলাক্ষেত্ৰত আৰম্ভ হ'ল গুৱাহাটী সাহিত্য মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.