যোৰহাট,২৩ মাৰ্চ : যোৰহাটত পিতৃক হেৰুৱাই দিশহাৰা হোৱা দুই কণমানিৰ কাষত থিয় দিলে এগৰাকী সাংবাদিকে । পিতৃৰ বিয়োগৰ পাছতে কণমানি দুগৰাকীৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব ল'লে যোৰহাটৰ যুৱ সাংবাদিক প্ৰাঞ্জল দাসে (Humanity of journalists in Jorhat)। সাংবাদিকগৰাকীৰ এই পদক্ষেপক প্ৰশংসা কৰিলে বিভিন্নজনে ।
উল্লেখ্য যে যোৱা ১১ মাৰ্চৰ দিনা দুই কণমানিৰ মাতৃয়ে তেওঁলোকক এৰি অন্য যুৱকৰ সৈতে পলাই যায় । তাৰ পাছতে এক অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় পৰিয়ালটোত । পত্নীয়ে এনেদৰে আন যুৱকৰ সৈতে পলাই যোৱাত মানসিকভাৱে ভাগি কৰে স্বামী তথা দুই কণমানিৰ পিতৃ । দুৰ্ভাগ্যজনকভাৱে ১৭ মাৰ্চৰ দিনা পিতৃ জয়ন্ত বৰাইও অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় (Tragic story of 2 children in Jorhat)।
পখিলা খেদা বয়সতে পিতৃ আৰু মাতৃ হেৰুৱাই দিশহাৰা হৈ পৰে দুই কণমানি । জীৱন সংগ্ৰাম কি বুজি নোপোৱা আৰু জীৱনৰ দায়িত্ব উপলব্ধি কৰিব নোৱৰা কণমানি দুটিৰ জীৱনলৈ হঠাতে নামি আহিল এই ঘোৰ অমানিশা । ইফালে কণমানি দুটিৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰে তেওঁলোকৰ একমাত্ৰ ভৰষা আইতাক । ইফালে একমাত্ৰ ভৰষা আইতাকজনীও ৰোগীয়া ।
এনে এক পৰিস্থিতিৰ মাজতে পৰিয়ালটোৰ কাষত থিয় দিলে যোৰহাটৰ যুৱ সাংবাদিক প্ৰাঞ্জল দাস । যুৱ সাংবাদিকগৰাকীয়ে কণমানি দুটিৰ পঢ়া-শুনাৰ সমস্ত দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিলে (Journalist takes responsibility for education)। সমান্তৰালকৈ আন আন ক্ষেত্ৰতো তেওঁ কিছু সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । যুৱ সাংবাদিকগৰাকীৰ এই পদক্ষেপক অঞ্চলটোৰ ৰাইজে আদৰণি জনাইছে । লগতে তেওঁৰ মহানুভৱতাক প্ৰশংসাও কৰিছে ।
লক্ষণীয়ভাৱে এতিয়াও কিন্তু পৰিয়ালটোৰ সমস্যা শেষ হোৱা নাই । সাংবাদিকগৰাকীয়ে পঢ়া-শুনাৰ দায়িত্ব লৈছে যদিও এতিয়াও ঘৰত উপাৰ্জন কৰিব পৰা কোনোৱে নাই । এসাঁজ খাই এসাঁজ লঘোণে থাকিবলগীয়া হৈছে পৰিয়ালটো । সেয়েহে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ অঞ্চলটোৰ ৰাইজে আহ্বান জনাইছে ।
লগতে পঢ়ক :Buyer-sellers meet in Dhemaji: কৃষকৰ খেতি কৰাৰ উদ্যম বৃদ্ধিৰ লক্ষ্যৰে ধেমাজিত ক্ৰেতা-বিক্ৰেতা সভা