তিতাবৰ, আগষ্ট 3 : তিতাবৰত আৰক্ষী থানাৰ চৌহদত বহিৰাগত বণিকৰ উদ্ভণ্ডালি ৷ শুকুৰবাৰে যোৰহাটৰ পৌৰপতি ৰাজীৱ দত্তক অপদস্থ কৰিছিল নাৰায়ণ গাট্টানী নামৰ ব্যৱসায়ীগৰাকীয়ে ৷ নিশাই পৌৰপতিগৰাকীয়ে মহকুমা দণ্ডাধীশৰ সৈতে তিতাবৰ থানাত উপস্থিত হৈ গাট্টানীয়েৰ বিৰুদ্ধে দাখিল কৰে অভিযোগ ৷ এই অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে ব্যৱসায়ীজনক ৷ কিন্তু থানাত উপস্থিত হোৱাৰ পাচতেই সাংবাদিকে ঘটনাৰ সবিশেষ জানিব খোজাত সাংবাদিকজনক গালি-গালাজ পৰাৰ লগতে গাট্ৰানীয়ে কাঢ়ি লৈ যায় সাংবাদিক সঞ্জীৱ দত্তৰ বুমটো ৷
এই ঘটনাৰ পাচতেই যোৰহাট জিলা সাংবাদিক সন্থা আৰু বিভিন্ন দল-সংগঠনে গাট্টানীৰ কাৰ্যক গৰিহণা দিয়াৰ লগতে তিতাবৰ থানাত ব্যৱসায়ীজনৰ বিৰুদ্ধে এটা গোচৰ দাখিল কৰিছে ৷ এইদৰে এজন অভিযুক্ত ব্যৱসায়ীয়ে আৰক্ষী থানাৰ ভিতৰতে সাংবাদিকক অপদস্থ কৰা ঘটনা যথেষ্ট উদ্বেগজনক ৷