ETV Bharat / state

স্বচ্ছ সৰ্বেক্ষণ 2020 ৰ তালিকাত উত্তৰ-পূৱৰ স্বচ্ছ চহৰ হিচাপে বিবেচিত যোৰহাট জিলা - যোৰাহাটবাসী

উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ নগৰ হিচাপে বিবেচিত হৈছে ক্ৰমে যোৰহাট আৰু তেজপুৰ চহৰ ৷ ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত "স্বচ্ছ সৰ্বেক্ষন 2020" পৰ্যবেক্ষণত এই সন্মান লাভ চহৰ দুখনলৈ ৷ তৃতীয় স্থানত ক্ৰমে বঙাইগাঁও চহৰ ৷

JORHAT , TEZPUR DECLARED AS CLEANEST CITY  NORTH EAST
স্বচ্ছ সৰ্বেক্ষণ 2020 ৰ তালিকাত উত্তৰ-পূৱৰ স্বচ্ছ চহৰ হিচাপে বিবেচিত যোৰহাট জিলা
author img

By

Published : Aug 20, 2020, 8:59 PM IST

যোৰহাট/তেজপুৰ, 20 আগষ্ট : ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে যোৰহাটবাসীৰ বাবে সু-খবৰ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ নগৰ হিচাপে বিবেচিত হৈছে যোৰহাট চহৰ ৷ ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত "স্বচ্ছ সৰ্বেক্ষণ 2020" ৰ বাবে যোৰহাট নগৰে উত্তৰ -পূৱৰ ভিতৰত শ্ৰেষ্ঠ স্বচ্ছ নগৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে আৱাসিক আৰু নগৰ উন্নয়নৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী হৰদ্বীপ সিং পুৰিয়ে NIC ৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত কৰা স্বচ্ছ মহোৎসৱৰ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটা প্ৰদান কৰে যোৰহাট নগৰক । 50 হাজাৰৰ পৰা 1 লাখ জনবসতিপূৰ্ণ নগৰসমূহত চলোৱা স্বচ্ছতাৰ সমীক্ষাত যোৰহাটে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷

উল্লেখ্য যে, জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীৰ তত্বাবধানত যোৰহাট পৌৰসভাই জিলাখনৰ নগৰ অঞ্চলসমূহ পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল ৷ জিলা উপায়ুক্ত গৰাকীয়ে পৌৰসভাৰ কাৰ্যকৰী বিষয়া, সমূহ বিষয়ববীয়া তথা কৰ্মচাৰী, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী,সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু যোৰাহাটবাসী ৰাইজক ধন্যবাদ আৰু শুভেচ্ছা জনাইছে ৷

স্বচ্ছ সৰ্বেক্ষণ 2020 ৰ তালিকাত উত্তৰ-পূৱৰ স্বচ্ছ চহৰ হিচাপে বিবেচিত যোৰহাট জিলা

আনহাতে, ভাৰত চৰকাৰৰ অধীনস্থ স্বচ্ছ ভাৰত অভিযান (নগৰ অঞ্চল)ৰ অধীনত "স্বচ্ছ সৰ্বেক্ষণ 2020" ৰ সমীক্ষাত দ্ধিতীয় চহৰ হিচাপে বিবেচিত হৈছে তেজপুৰ ৷ 1631.15 নম্বৰ দখলৰে চহৰখনে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত দ্ধিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ প্ৰায় 50,000 ৰ পৰা 1 লাখ লোকৰ সমীক্ষাত স্থান পাবলৈ সক্ষম হৈছে চহৰখনে ৷

মুঠ 13 খন জিলাই ভাগলোৱা এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ তেজপুৰ দ্বিতীয় স্থানত 10 খন জিলাৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয় । উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষ 3 খন জিলাৰ সমীক্ষা মতে, যোৰহাট প্ৰথম, তেজপুৰ দ্বিতীয় আৰু বঙাইগাঁও চহৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

জানিব পৰা মতে, "স্বচ্ছ সৰ্বেক্ষণ 2020" ৰ অনুষ্ঠানত ভাগ লৈছিল ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰিষ্কাৰ চহৰৰ সমূহে । এই স্বচ্ছ সৰ্বেক্ষণ 2020 সম্পূৰ্ণ হৈছিল মুঠ 28 দিনৰ ভিতৰতে আৰু 1.7 কোটি জনসাধাৰণে স্বচ্ছ এপত অন্তৰ্ভুক্ত হৈছিল আৰু চচিয়েল মিডিয়াৰ যোগেদি 11 কোটি লোকে নজৰ ৰাখিছিল । মুঠ 5.5 লাখ চেনিটাৰী লোক এই সামাজিক দিশত অন্তৰ্ভুক্ত হৈ প্ৰায় 84,000 পেলনীয়া সামগ্ৰী গোটোৱা লোকক মূল সুতিলৈ আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : সংখ্যালঘু ছাত্ৰবৃ্ত্তিৰ কেলেংকাৰীঃ ৰাজ্যজুৰি আমছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.