ETV Bharat / state

টীয়কৰ জগদুৱাৰত নিশা চোৰৰ চাফাই অভিযান

author img

By

Published : Feb 17, 2020, 11:23 AM IST

দেওবাৰে পুৱতি নিশা যোৰহাটৰ টীয়কৰ জগদুৱাৰত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সা সম্পত্তি ৷ চিচি টিভিত বন্দী চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

JORHAT TEOK THIEF NEWS ETV BHARAT
টীয়কৰ জগদুৱাৰত নিশা চোৰৰ চাফাই অভিযান

টীয়ক,17 ফেব্ৰুৱাৰীঃ যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জগদুৱাৰ তিনিআলিৰ সমীপৰ অনলাইন শ্বপিঙৰ এটা বিতৰণ কেন্দ্ৰৰ চাটাৰৰ তলা ভাগি দেওবাৰে পুৱতি নিশা চোৰে কেন্দ্ৰটোৰ লকাৰ ভাগি তিনি লক্ষাধিক টকা লুটি নিয়ে। কেন্দ্ৰটোত সংস্থাপিত চি চি কেমেৰাত দুজনীয়া এটা দলে উক্ত ঘটনাটো সংঘটিত কৰাৰ কথা পৰিছে যদিও চোৰে মুখমণ্ডলত মাস্ক ব্যৱহাৰ কৰাত ছবিখন স্পষ্ট হোৱা নাই।

চোৰে লুটি নিলে তিনি লক্ষাধিক টকাৰ সা সম্পত্তি

আনহাতে বিগত সময়ত টীয়কৰ জগদুৱাৰ অঞ্চলত প্ৰায়ে চুৰি কাৰ্য সংঘটিত হৈ আহিছে যদিও এটাও চোৰ আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। এইবাৰ জগদুৱাৰস্থিত ডেলিভাৰী প্ৰাইভেট লিমিটেড নামৰ এই কুৰিয়াৰ ছাৰ্ভিছৰ কেন্দ্ৰৰ পৰা নগদ টকাসহ কেইবাটাও পাৰ্চেলো লৈ গৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে লগতে জগদুৱাৰবাসী ৰাইজেও চুৰি কাৰ্যৰ সৈতে জড়িত চক্ৰটোক উৎখাত কৰিবলৈ আৰক্ষীক দাবী জনাইছে।

লগতে চাওকঃ

তিনিচুকীয়াৰ তৰাণী গাঁৱত গণ গৰ্জন কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.