যোৰহাট,২৭ মে': কাৰোৰে কথা নুশুনা এজন একছত্ৰী সম্ৰাট। তেওঁক লৈ ৰাজপথত সৃষ্টি হয় যানজঁটৰ। কাৰণ মন গ'লেই তেওঁ শুই দিয়ে ৰাজপথতে । কেতিয়াবা আকৌ মন গ'লেই দা লৈ ওলাই আহে। তেওঁৰ এই কাণ্ড দেখি ভয় খাই পথচাৰীয়ে। শংকিত হৈ পৰে কলেজীয়া ছাত্ৰ-ছাত্ৰীসকল। সমগ্ৰ যোৰহাট চহৰতে এতিয়া ত্ৰাসৰ সৃষ্টি হৈছে এইজন একছত্ৰী সম্ৰাটৰ বাবে।
নিজকে তেওঁ একছত্ৰী সম্ৰাট বুলি ভাৱে থিকেই কিন্তু প্ৰকৃততে সমাজৰ চকুত তেওঁ যে এজন ঘোৰ মদপী। মদ খাই বাগৰি থাকে য'তে ত'তে। ব্যস্ত নগৰৰ ৰাজপথতে শুই অশান্তি কৰে পথচাৰীক। কেৱল সেয়াই নহয়,হাতত দা লৈ ওলাই আহি ৰাজপথত সৃষ্টি কৰে তাণ্ডৱৰ । তেওঁৰ ত্ৰাসত ভয় খাই কলেজীয়া ছাত্ৰ-ছাত্ৰী কিম্বা আন পথচাৰীয়ে।সোমবাৰে এনেদৰে দা লৈ আহি সন্ত্ৰাস সৃষ্টি কৰে যোৰহাট নগৰৰ মাজমজিয়াত। অৱশেষত যোৰহাট সদৰ আৰক্ষীয়ে যুৱকজনৰ পৰা দাখন জব্দ কৰে আৰু আটক কৰে সুৰামত্ত যুৱকজনক। অৱশ্যে কিহৰ ৰোষত পৰি তেওঁ এনেধৰণৰ কাম কৰিবলৈ বাধ্য হৈছে সেইয়া সময়তহে জানিব পৰা হ'ব।