ETV Bharat / state

যোৰহাটত সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা যুৱকক হত্যা - অবৈধ সুৰা ব্যৱসায়ী

অবৈধ সুৰা ব্যৱসায়ীৰ হাতত যুৱকজনৰ মৃত্যু হোৱাৰ পিছত ছীল হ'ল অবৈধ সুৰাৰ দোকান

যোৰহাটত সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা যুৱকক হত্যা
author img

By

Published : Sep 17, 2019, 9:53 PM IST

যোৰহাট,17 ছেপ্টেম্বৰঃ সোমবাৰে নিশা যোৰহাট চহৰৰ সোঁমাজত অবৈধ সুৰা বেপাৰীৰ হাতত নিহত হয় আশীষ বৰা নামৰ এজন যুৱক ৷ সুৰাৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা যুৱকজনৰ মৃত্যুৰ পাছত চহৰখনত সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ ৷ সুৰাৰ দোকান বন্ধ কৰিবলৈ যোৱাৰ বাবে সুৰা ব্যৱসায়ীৰ ৰোষত পৰিছিল যুৱকজন ৷ এই ঘটনাক লৈ সুৰা ব্যৱসায়ীজনৰ লগতে তেঁওৰ পুত্ৰই বেয়াকৈ প্ৰহাৰ কৰে আশীষ বৰাক ৷ ব্যৱসায়ী আৰু পুত্ৰজনৰ আক্ৰমণত যুৱকজনে মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাত পাইছিল। ইয়াৰ পিছতে যুৱকজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ চিকিৎসালয়তেই মৃত্যু ঘটে ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত যোৰহাট আৰক্ষীয়ে আটক কৰিছিল বগাই নামৰ এটা সুৰা ব্যৱসায়ীক।

অবৈধ সুৰা ব্যৱসায়ীৰ হাতত মৃত্যু এজন যুৱকৰ

ইফালে স্থানীয় লোকে অবৈধ সুৰাৰ দোকান সমূহ বন্ধ কৰা লগতে সম্পূৰ্ণ ভাৱে উচ্ছেদৰ দাবী উত্থাপন কৰি পৰিৱেশ উত্তাল কৰি ৰাখিছিল সমগ্ৰ দিনটো। যাৰ ফলত যোৰহাট জিলা প্ৰসাশনে আৰক্ষীৰ সহযোগত ৬ খনকৈ দোকান ছীল কৰি দিয়াৰ পাছতহে পৰিৱেশ শান্ত হয়।যোৰহাট আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই জনোৱা মতে, ইতিমধ্যে হত্যাকাণ্ডৰ লগত জড়িত প্ৰকৃত দোষী চিন্টু দাসক পুলিবৰৰ পৰা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Intro:অবৈধ সুৰাৰ ব্যৱসায়িৰ হাতত মৃত্যু হোৱা পাছত ছীল হল অবৈধ সুৰাৰ দোকান।Body:যোৱা নিশা চহৰখনৰ সোমাজত অবৈধ সুৰা বেপাৰী হাতত নিহত যুৱকজনৰ নাম আশীষ বৰা মৃত্যু হোৱা পাছত এতিয়া চহৰখনত চেপা উত্তেজনা সৃষ্টি হৈ আছে। ৷ সুৰাৰ দোকান বন্ধ কৰিবলৈ যোৱাৰ বাবে সুৰা ব্যৱসায়ীৰ ৰোষত পৰিছিল যুৱকজন ৷ এই ঘটনাক লৈ সুৰা ব্যৱসায়ীজনৰ লগতে পুত্ৰ ই বেয়াকৈ প্ৰহাৰ কৰে আশীষ বৰাক ৷ ব্যৱসায়ী আৰু পুত্ৰজনৰ আক্ৰমণত যুৱকজনে মূৰ আৰু বুকুত গুৰুতৰভাৱে আঘাত পাইছিল৷ ইয়াৰ পিচতে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও যুৱকজনৰ চিকিৎসালয়তেই মৃত্যু ঘটে ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত যোৰহাট আৰক্ষীয়ে আটক কৰিছিল বগাই নামৰ এটা মদ সুৰা ব্যৱসায়ীক।কিন্তু স্হানীয় লগতে ক সকলে প্ৰকৃত হত্যাকাৰীক গ্ৰেপ্তাৰ লগতে অবৈধ সুৰাৰ দোকান সমুহ বন্ধ কৰা লগতে সম্পূৰ্ণ ভাৱে উচ্ছেদৰ দাবী কৰি পৰিবেশ উত্তাল কৰি ৰাখিছিল দিনটো।যাৰফলত যোৰহাট জিলা প্ৰসাশনে আৰক্ষী সহযোগত ৬ খনকৈ দোকান ছিল কৰি দিয়াৰ পাছতহে পৰিবেশ শান্ত হয়।যোৰহাট আৰক্ষীৰ উচ্চ পদস্হ্য বিষয়াই জনোৱা মতে ইতিমধ্যে হত্যাকাণ্ডৰ লগত জড়িত চিন্টু দাসক পুলিবৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। Conclusion:আবকাৰী বিভাগৰ দুৰ্বল ভুমিকা আৰু নিলুপ্তাৰ বাবেই যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত সময়ে সময়ে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে যদিও কুম্ভকৰ্ণ নিন্দাত থকা বিয়াগোম বিভাগ টো সাৰ পোৱা নাই।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.