যোৰহাট,2জুলাইঃ কদৰ্যময় ডাম্পীং গ্ৰাউন্ড আৰু জাৱৰ নিষ্কাষণৰ বৈজ্ঞানিক পদ্ধতিৰ অভাৱ আদি বিভিন্ন কাৰণত বিপদত পৰিছে যোৰহাট জিলা প্ৰশাসন । একমাত্ৰ পৌৰসভা কান্ডজ্ঞানহীন কৰ্মৰ বাবেই নেচেনেল গ্ৰীন ট্ৰিবিউনেলৰ পৰা যোৰহাট জিলা প্ৰশাসনলৈ আহিল নিৰ্দেশ । প্ৰাপ্ত তথ্য মতে যোৰহাট জিলা প্ৰশাসনে নেচেনেল গ্ৰীন ট্ৰিবিউনেলৰ নিৰ্দেশ মতে উলংঘা কৰি আহিছে ২০১৬ ৱেষ্ট মেনেজমেণ্ট আইন । যাৰ ফলত ১ জুলাইৰ দিনা জৰুৰীভাৱে যোৰহাট জিলা প্ৰশাসনে বন বিভাগ, স্বাস্থ্য বিভাগ, যোৰহাট পৌৰসভা আৰু পলিউচন কন্ট্ৰোল বৰ্ডৰ সৈতে জৰুৰীকালীন ভাৱে বৈঠকত মিলিত হয় ।
উল্লেখ্য যে যোৰহাট চহৰখনৰ লগতে কাষৰীয়া অঞ্চলৰ পৰা দৈনিক ৪৫ মেট্ৰিক টন জাৱৰ গড়মূৰস্থীত নিষ্কাষন স্থলীত নিক্ষেপ কৰা হয় । বিগত সময়চোৱাত বহু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পাচতো গা-লৰা নাছিল যোৰহাট পৌৰসভাৰ ৷ অৱশেষত গ্ৰীন ট্ৰিবিউনেলৰ পৰা অহা নিৰ্দেশনাৰ পাচতেই থৰকা-চুটি হেৰাইছে যোৰহাট জিলা প্ৰশাসনৰ লগতে যোৰহাট পৌৰসভাৰ ।