ETV Bharat / state

CISPৰ প্ৰশিক্ষণত দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়

author img

By

Published : Sep 15, 2020, 10:55 PM IST

2018 চনতে চিকিৎসা মহাবিদ্যালয়খনক সমগ্ৰ পূব ভাৰতত ৰিজনেল চেন্টাৰ ফৰ মেডিকেল এডুকেশ্বন টেকনলজীৰ অধীনত প্ৰশিক্ষণ প্ৰদানৰ বাবে স্বীকৃতি দিছিল মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই ৷

Jorhat medical college brought good news for assam under MCI
CISPৰ প্ৰশিক্ষণত দেশৰ ভিতৰতে উজলিল যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট, 15 ছেপ্তেম্বৰ: কৰ'ণাসৃষ্ট আতংকময় পৰিৱেশৰ মাজতে ৰাজ্যবাসীলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে ৷ National faculty development program ৰ অন্তৰ্গত CISPৰ প্ৰশিক্ষণত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে চিকিৎসা মহাবিদ্যালয়খনে ৷ 2018 চনতে চিকিৎসা মহাবিদ্যালয়খনক সমগ্ৰ পূব ভাৰতত ৰিজনেল চেন্টাৰ ফৰ মেডিকেল এডুকেশ্বন টেকনলজীৰ অধীনত প্ৰশিক্ষণ প্ৰদানৰ বাবে স্বীকৃতি দিছিল মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই ৷ তেতিয়াৰে পৰা মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ অধীনত থকা উত্তৰ পূব ভাৰতৰ 28 খন চিকিৎসা মহাবিদ্যালয়ত CISP ৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ে ৷

2019 বৰ্ষৰ সমীক্ষা অনুসৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ে 32 টাকৈ CISP প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে চিকিৎসা মহাবিদ্যালয়খনে 692 জন ফেকাল্টিক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে, যি দেশৰ ভিতৰতে সৰ্বাধিক ৷ উল্লেখ্য যে,চিকিৎসা মহাবিদ্যালয়খনৰ এটা 10 জনীয়া দলে দিছিল এই প্ৰশিক্ষণ ৷ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰায় 12 টা ৰিজ'নেল চেন্টাৰ মাজত CISPৰ প্ৰশিক্ষণত শীৰ্ষত থাকি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে ৷

লগতে পঢ়কঃ ক্ৰমাৎ অনিশ্চয়তাৰ দিশে বাঘজানবাসীৰ ভৱিষ্যত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.