যোৰহাট, 10 মাৰ্চঃ কৰ'ণা ভাইৰাছৰ শংকাৰ মাজতে ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি ফাকুৱা উৎসৱ পালন কৰিলে যোৰহাটবাসীয়ে ৷ ফাকুৱাৰ পূৰ্বৰ আনন্দ কিছু পৰিমাণে ম্লান পৰিলেও যোৰহাটবাসীয়ে পালন কৰিলে ৰঙৰ উৎসৱটি ৷ ইয়াৰোপৰি ৰঙৰ উৎসৱ উপলক্ষে যোৰহাটৰ বিভিন্ন গাঁৱত দেখা গ'ল পৰম্পৰাত ঘুনুছা ঘুৰুৱা পৰম্পৰা ৷ গড়মূৰ টোকালাই সত্ৰৰ ৰাইজে নামঘৰৰ পৰা পৱিত্ৰ ভাগৱত নাঁৱত গোঁসাইক প্ৰতিষ্ঠা কৰি ধৰ্মীয় সমদলেৰে পালন কৰে উৎসৱটি ৷
লগতে পঢ়কঃ মৰিগাঁৱত দৌলোৎসৱৰ সোণালী জয়ন্তী পালন