ETV Bharat / state

অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত টীয়ক কন্যাৰ

author img

By

Published : Aug 19, 2020, 3:53 PM IST

অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত হ'ল যোৰহাট জিলাৰ টীয়কৰ ময়ুৰী শইকীয়াৰ ৷ ইলেকট্ৰিক বাল্বত বিভিন্ন ধৰণৰ সৃষ্টিশীল ছবি আঁকি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ময়ুৰী শইকীয়াই ৷

Jorhat Girl Set New Assam Book Of Record
ইলেকট্ৰিক বাল্বত সৃষ্টিশীল ছবি আঁকি অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত টীয়ক কন্যাৰ

টীয়ক, 19 আগষ্ট : কৰ'ণা মহামাৰীয়ে ৰাজ্যবাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে অসম বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভূক্ত হ'ল যোৰহাট জিলাৰ টীয়কৰ ময়ুৰী শইকীয়া নামৰ এগৰাকী যুৱতীৰ ৷ পেলনীয়া ইলেকট্ৰিক বাল্বত বিভিন্ন ধৰণৰ সৃষ্টিশীল ছবি আঁকি এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ময়ুৰী শইকীয়াই ৷

যোৰহাট জিলাৰ টীয়ক কাকজান দুলীয়া গাঁৱৰ মহেন্দ্ৰ নাথ শইকীয়া আৰু অঞ্জনা শইকীয়াৰ কন্যা ময়ুৰী শইকীয়াই ইলেকট্ৰিক বাল্বত ছবি অঁকাৰ উপৰিও গছৰ পাতত, চাউলত বিভিন্ন ধৰণৰ ছবি আকিবলৈ সক্ষম হৈছে ৷ যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ চতুৰ্থ ষন্মাষিকৰ ছাত্ৰী ময়ুৰীয়ে বাল্বৰ ওপৰত ময়ুৰ পক্ষী, লোকবাদ্য সমূহ সুন্দৰভাবে অংকন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

ময়ুৰীয়ে তেওঁৰ সৃষ্টিৰাজি অসম বুক অৱ ৰেকৰ্ডচৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছিল আৰু কৰ্তৃপক্ষই ইতিমধ্যে ময়ুৰীৰ এই প্ৰতিভাক অসম বুক অৱ ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰাৰ কথা আনুষ্ঠানিকভাৱে অৱগত কৰাত বৰ্তমান আনন্দিত হৈ পৰিছে ময়ুৰী আৰু তেওঁৰ পৰিয়াল ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিলেঃ তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.