ETV Bharat / state

আৰক্ষীৰ বাহনে মহতিয়ালে পাচলি বিক্ৰেতাক; দুৰ্ঘটনাস্থলীত উত্তেজনা - Road Accident - ROAD ACCIDENT

Tense situation over road accident: জনসাধাৰণক তীব্ৰ বেগত বাহন নচলাবলৈ কঠোৰ সকীয়নি দিয়া আৰক্ষীয়েই ভংগ কৰিলে নিয়ম । কেৱল নিয়ম ভংগই নহয়, আহতক সহায় কৰাৰ পৰিৱৰ্তে পলাবলৈহে চেষ্টা কৰাৰ অভিযোগ আৰক্ষীৰ বিৰুদ্ধে ।

Tense situation over road accident
আৰক্ষী দিৱসৰ দিনাই ধুবুৰীত অঘটন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 1, 2024, 2:27 PM IST

ধুবুৰী,১ অক্টোবৰ: অসম আৰক্ষী দিৱসৰ দিনাই ধুবুৰীত অঘটন । আৰক্ষীৰ বাহনে মহতিয়ালে এজন পাচলি ব্য়ৱসায়ীক । দুৰ্ঘটনাটো সংঘটিত কৰিয়েই আৰক্ষীৰ লোককেইজনে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ঘটনাৰ বিৱৰণী অনুসৰি পুৱা ৯ মান বজাত ব্য়ৱসায়ীজনে চাইকেলেৰে ঝালেৰ আলগা দ্বিতীয় খণ্ডৰ পৰা শাক-পাচলি বিক্ৰী কৰিবলৈ ধুবুৰী চহৰলৈ গৈ থকা অৱস্থাত এখন বাহনে খুন্দিয়ায় । গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে তীব্ৰ বেগেৰে গৈ থাকোতে এই বাহনখনে খুন্দিওৱাৰ ফলত ব্য়ৱসায়ীজন বাগৰি পৰে । বাহনখনে লোকজনক কিছুদূৰ চোঁচৰাই নিয়ে । পিচত আহত লোকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰে ।

আৰক্ষী দিৱসৰ দিনাই ধুবুৰীত অঘটন (ETV Bharat Assam)

ৰাইজে বাহনখন প্ৰত্যক্ষ কৰাৰ সময়ত দেখা পাই তিনিজন আৰক্ষীৰ লোক ভিতৰত আছে । বাহনখনৰ চালক আছিল এজন গৃহৰক্ষী জোৱান আৰু কাষৰ ছীটত আছিল এজন আৰক্ষীৰ উপ-পৰিদৰ্শক । কিন্তু তেওঁলোক বাহনৰ পৰা নামি আহত লোকজনক উদ্ধাৰ কৰাৰ পৰিৱৰ্তে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে । আৰক্ষীৰ এই কাণ্ডত ৰাইজ উত্তেজিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ৰাইজ আৰু আৰক্ষীৰ মাজত বাক-বিতণ্ডা হয় । পিচত আৰক্ষীৰ বাহনেৰে দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয় লৈ প্ৰেৰণ কৰে । এই দুৰ্ঘটনাত আহত লোকজন ফৰহাদ আলী আৰু তেওঁৰ ঘৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত ঝালেৰ আলগা দ্বিতীয় খণ্ডত । ইপিনে, দুৰ্ঘটনা সংঘটিত কৰা আৰক্ষীকেইগৰাকী কোন থানাৰ সেয়া ৰাইজে জানিবলৈ চেষ্টা কৰে যদিও তেওঁলোকে কোনো উত্তৰ নিদি মাথো 'ডিউটি'ৰ পৰা অহা বুলিহে কয় ।

লগতে পঢ়ক:বালি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত থিতাতে নিহত শিশু

পথ দুৰ্ঘটনাত কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত - Road Accident

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.