ETV Bharat / bharat

সিংঘু সীমান্তত আটক সোনম ৱাংচুক; দেশজুৰি প্ৰতিক্ৰিয়া - Delhi Chalo Padayatra

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Sonam Wangchuk detained: লাডাখ আৰু বৃহত্তৰ হিমালয় অঞ্চলত জলবায়ু পৰিৱৰ্তন, লাডাখক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আদি বিভিন্ন বিষয়ত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে সোনম ৱাংচুকৰ প্ৰতিবাদ অব্যাহত আছে । দিল্লীলৈ পদযাত্ৰা কৰাৰ সময়তে সিংঘু সীমান্তত ৱাংচুক আৰু তেওঁৰ সমৰ্থকক আটক । চৰকাৰক কটাক্ষ ৰাহুল গান্ধীৰ ।

Sonam Wangchuk detained
সিংঘু সীমান্তত আটক সোনম ৱাংচুক (IANS)

নেশ্যনেল ডেস্ক,১ অক্টোবৰ : কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ষষ্ঠ অনুসূচীৰ মৰ্যাদাৰ দাবীত বিশিষ্ট পৰিৱেশ কৰ্মী সোনম ৱাংচুকৰ প্ৰতিবাদ অব্যাহত আছে । প্ৰতিবাদৰ অংশ হিচাপে ৱাংচুকে তেওঁৰ একাংশ সমৰ্থকৰ সৈতে দিল্লী যাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰিছিল । কিন্তু এই প্ৰতিবাদৰ মাজতে দিল্লীৰ সিংঘু সীমান্তত সোনম ৱাংচুক আৰু তেওঁৰ একাংশ সমৰ্থকক আৰক্ষীয়ে আটক কৰে ।

ৱাংচুকসহ একাংশ সমৰ্থকক আটক

তেওঁলোকক সোমবাৰে নিশা দিল্লী আৰক্ষীয়ে সিংঘু সীমান্তত বেআইনীভাৱে প্ৰৱেশ কৰাৰ অভিযোগত আটক কৰে । ৱাংচুক আৰু একাংশ লোকে লেহৰ পৰা দিল্লীলৈ এক পদযাত্ৰা আৰম্ভ কৰিছিল । কেন্দ্ৰক তেওঁলোকৰ দাবী সন্দৰ্ভত লাডাখৰ নেতৃত্বৰ সৈতে আলোচনা পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল । তেওঁলোকৰ গুৰুত্বপূৰ্ণ দাবী হৈছে লাডাখক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা, স্থানীয় লোকসকলক তেওঁলোকৰ ভূমি আৰু সাংস্কৃতিক পৰিচয় সুৰক্ষিত কৰাৰ বাবে আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰা ।

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে ভাৰতৰ কিছুমান জনজাতীয় অঞ্চলক বিশেষ সুৰক্ষা আৰু স্বায়ত্তশাসন প্ৰদান কৰে । ই তেওঁলোকৰ সংস্কৃতি সংৰক্ষণ কৰাত আৰু তেওঁলোকৰ সম্পদ পৰিচালনা কৰাত সহায় কৰে । অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিচত জম্মু আৰু কাশ্মীৰক বিভক্ত কৰা হয় আৰু লাডাখক পৃথক কেন্দ্ৰীয় শাসিতৰ মৰ্যাদা দিয়া হয় । ৱাংচুকে কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে দৃঢ় পদক্ষেপ লোৱাৰ দাবী জনাই আহিছে আৰু লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়া আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনলৈ অনাৰ বাবে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ৱাংচুকৰ ধাৰাবাহিক প্ৰতিবাদ

বিশিষ্ট পৰিৱেশ কৰ্মীগৰাকীয়ে ২৬ৰ পৰা ৩০ জানুৱাৰীলৈ লেহৰ হিমালয় ইনষ্টিটিউট অৱ অলটাৰ্নেটিভ লাডাখ (এইচআইএএল) চৌহদত ৫ দিনীয়া 'জলবায়ু উপবাস'ত বহিছিল । ৩১ জানুৱাৰীত লেহৰ প'ল' গ্ৰাউণ্ডত এক ৰাজহুৱা সমদলৰ সৈতে এই প্ৰতিবাদৰ সামৰণি পৰিছিল । শ শ স্থানীয় লোকে তেওঁক সমৰ্থন কৰিছিল । ইফালে যোৱা মাহত একেটা দাবীৰে পুনৰ তেওঁ অনশনত বহিছিল ।

যোৱা ১ ছেপ্টেম্বৰত ১০০ ৰো অধিক সমৰ্থকৰ সৈতে তেওঁ দিল্লীলৈ পদযাত্ৰা আৰম্ভ কৰে । ৱাংচুকৰ মতে তেওঁৰ পদযাত্ৰা হৈছে লাডাখ আৰু বৃহত্তৰ হিমালয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা ।

ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

ৱাংচুক আৰু তেওঁৰ সমৰ্থকসকলক আৰক্ষীয়ে আটক কৰাৰ লগে লগে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মঙলবাৰে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । ৰাহুল গান্ধীৰ মতে ৱাংচুক আৰু তেওঁৰ সমৰ্থকক দিল্লী আৰক্ষীয়ে আটক কৰা কাৰ্য গ্ৰহণযোগ্য নহয় ।

ৰাহুল গান্ধীয়ে এক্সৰ এটা পোষ্টত কয়, "পৰিৱেশ আৰু সাংবিধানিক অধিকাৰৰ বাবে শান্তিপূৰ্ণভাৱে পদযাত্ৰা কৰি থকা সোনম ৱাংচুক জী আৰু শ শ লাদাখীক আটক কৰাটো গ্ৰহণযোগ্য নহয় ।" তেওঁ ৱাংচুকৰ আটকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো দোষাৰোপ কৰে ।

লগতে পঢ়ক :কটকটীয়া নিৰাপত্তাৰ মাজত জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ - JK Assembly Polls

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.