ETV Bharat / state

পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্ৰকল্প - Orang National Park

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Orang National Park reopen: ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে পুনৰ মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র প্ৰকল্প । ১৫ অক্টোবৰৰ পৰা উদ্যানখনত আৰম্ভ হ’ব হাতী চাফাৰী ।

Orang National Park
ওৰাং ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat Assam)

মঙলদৈ, ১ অক্টোবৰ: শৰতৰ আগমনৰ লগে লগে পৰ্যটকক আদৰিবলৈ সাজু হৈছে ৰাজ্য়ৰ সাতখন ৰাষ্ট্ৰীয় উদ্যান । কাৰণ এই সময়ৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰভাগ উপযুক্ত হৈ পৰে দৰ্শনৰ বাবে । কাজিৰঙা, মানাহৰ পিচত আজিৰে পৰা পৰ্যটক তথা দর্শনাৰ্থীৰ বাবে মুকলি হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প । দৰং জিলা বন্যপ্ৰাণী বিষয়া প্ৰদীপ্ত বৰুৱাই ২০২৪-২৫ চন পৰ্যটন বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিলে উদ্যানখন ।

  • পৃথিৱীৰ সৱাটোকৈ বেছি বাঘৰ বসতিঘন অঞ্চল

উদ্যানখন মুকলি কৰি জিলা বন্যপ্ৰাণী বিষয়াগৰাকীয়ে কয়, "দৰঙৰ একমাত্র ৰাষ্ট্ৰীয় উদ্যান ওৰাঙক ২০১৬ চনত ব্ৰ্য়াঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল । ই বৰ্তমান পৃথিৱীৰ ভিতৰতে বিৰল বাঘৰ ঘনবসতি অঞ্চল । তাৰোপৰি গঁড়ৰ বসতিৰ ঘনত্ব বহু বেছি ওৰাঙত ৷ আগতে ওৰাঙত পৰ্যটক আহিলে থকা-খোৱাৰ বহু অসুবিধা আছিল যদিও বৰ্তমান এই সমস্যা সমাধান হৈছে ।"

  • ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী

বৰ্তমান দেশী-বিদেশী পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমহা দৃশ্য উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰি তেওঁ কয়, "পৰ্যটকসকলে জীফ চাফাৰীৰ লগতে হাতী চাফাৰীও কৰিব পাৰিব ৷ চলিত মাহৰ ১৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব হাতী চাফাৰী ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়, বাঘৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰকতি চাব পাৰিব পৰ্যটকসকলে ৷ উদ্যানখনত বাঘৰ সংখ্যা হ’ল ২৬ টা ৷ ২০২২ ৰ গণনা অনুসৰি উদ্যানখনত গঁড়ৰ সংখ্যা হ’ল ১২৫ টা ৷"

উল্লেখ্য যে প্ৰতি বছৰে বাৰিষা কালত পৰ্যটকসকলৰ দৰ্শনৰ বাবে বন্ধ কৰি দিয়া হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান । সম্প্ৰতি উন্নত হৈছে উদ্যানখনৰ ৰাস্তা-ঘাটৰ সুবিধা । সেইবাবে আন বছৰৰ দৰেই এইবছৰো পৰ্যটকসকলে লাভ কৰিব সকলো সুবিধা ৷ আন বছৰৰ তুলনাত এইবছৰ উদ্যানখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি আশা প্ৰকাশ কৰিছে উদ্যান কৰ্তৃপক্ষই ।

লগতে পঢ়ক:সাজি-কাচি কাজিৰঙা সাজু : পৰ্যটকৰ বাবে এইবাৰ কি হ’ব বিশেষ ! - Kaziranga National Park

Manah National Park: ১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.