পূৰ্ণ গতিত চলিছে দুৰ্গাৰ পূজাৰ প্ৰস্তুতি ৷ বিভিন্ন ৰং-বিৰঙী সাজেৰে ভৰি পৰিছে বজাৰ ৷ মুঠতে দুৰ্গতিনাশিনীক আদৰিবলৈ এতিয়া সাজু হৈছে সকলো ৷ কিন্তু এই সময়ছোৱাত খুবেই খেলি-মেলিত পৰা মহিলা তথা ছোৱালীসকল কি ৰঙৰ সাজে তেওঁলোকক শুৱাব কেনেকুৱা ধৰণৰ সাজ পিন্ধিব ইয়াক লৈ প্ৰায়েই খেলি-মেলিত পৰা দেখা যায় কিন্তু টেনচন লোৱাৰ প্ৰয়োজন কাৰণ আজি আমি আপোনালোকৰ বাবে এই কিছুমান সাজপাৰৰ বিকল্প লৈ আহিছো যাক পৰিধান কৰি আপুনি সকলোৰে মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব ৷ তেন্তে পলম নকৰি এই সাজপাৰসমূহ নো কি এবাৰ চাও আহক-
শ্বাৰাৰা চুট
দুৰ্গা পূজাত এটা নতুন লুক পাবলৈ এই ধৰণৰ শৰাৰা চুট পৰিধান কৰিব পাৰে । এই ধৰণৰ শৰাৰা চুট নতুন ৰূপ পাবলৈ সৰ্বোত্তম আৰু এই সাজ-পোছাক কেনেকৈ পিন্ধিব লাগে তাৰ ওপৰত অভিনেত্ৰী নিকিতা দত্তৰ লুকৰ পৰা আইডিয়া ল’ব পাৰে । কমলা ৰঙৰ শ্বাৰাৰা চুট পৰিধান কৰা অভিনেত্ৰীগৰাকীক খুবেই আকৰ্ষণীয় দেখা গৈছে । বজাৰত এই ধৰণৰ সাজ-পোছাক পাব আৰু ২৫০০ টকাৰ পৰা ৫০০০ টকালৈকে পোৱা যায় লগতে অনলাইনতো অতি কম খৰচতে আপুনি ক্ৰয় কৰিব পাৰে ।
স্কাৰ্ট আৰু টপ
যদি আপুনি দুৰ্গা পূজাত ষ্টাইলিছ এটি লুক বিচাৰে তেন্তে এই বিশেষ অনুষ্ঠানত এই ধৰণৰ সাজ পৰিধান কৰিব পাৰে । এই ধৰণৰ সাজত আপোনাক দেখাত ষ্টাইলিছ দেখাব যদিও আপোনাৰ লুকটোও আনতকৈ কিছু পৃথক দেখা যাব । এই সাজ-পোছাক আপুনি অনলাইন আৰু অফলাইনযোগে ক্ৰয় কৰিব পাৰে আৰু ডিজাইনাৰৰ সহায়তো ইয়াক চিলাই কৰিব পাৰে । ২৫০০ টকাত এই আউটফিটযোৰ আপোনাৰ বাবে এক উত্তম বিকল্প । এই সাজৰ সৈতে আপুনি কাণফুলি পৰিধান কৰিব পাৰে ।
অনাৰকলি চুট
এই সাজ-পোছাকযোৰ আজিকালি যথেষ্ট ট্ৰেণ্ডত আছে আৰু এইদৰে আপুনি এই বিশেষ অনুষ্ঠানতো আনাৰকলি চুট পৰিধান কৰিব পাৰে । এই ধৰণৰ চুটে আপোনাক এটি নতুন লুক দিয়াটো নিশ্চিত আৰু এই সাজত আপুনি ভিৰৰ মাজতো আপোনাক আকৰ্ষণীয় দেখা যাব । এই সাজ আপুনি বজাৰত ৩ হাজাৰ টকাত কিনিব পাৰিব আৰু অনলাইনযোগেও কম খৰচতে ক্ৰয় কৰিব পাৰিব । এই সাজ-পোছাকৰ সৈতে আপুনি চ’কাৰ বা কুণ্ডন ৱৰ্ক কৰা গহনা ষ্টাইল কৰিব পাৰে ।