ETV Bharat / state

যোৰহাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - টীয়ক আৰক্ষী থানা

বুধবাৰে যোৰহাট জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ টীয়ক ৰজাবাৰীত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰা পৰিয়াল সমূহৰ লগত মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে,মুখ্যমন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰৰ সহায় কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

Jorhat Flood Affected area visit Assam Chief Minister Sarbananda Sonowal
যোৰহাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
author img

By

Published : Jul 15, 2020, 7:05 PM IST

টীয়ক, 15 জুলাই : ৰাজ্যত সৃষ্টি হোৱা প্ৰবল বানে ইতিমধ্য়ে বুৰাই পেলাইছে উজনি-নামনি অঞ্চল ৷ অসমৰ প্ৰায় 27 খন জিলা বানপানীৰ কবলত পৰিছে ৷ অন্য় জিলাৰ লগতে যোৰহাট জিলাতো বানপানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে ৷

যোৰহাটৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

বুধবাৰে যোৰহাট জিলাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ টীয়ক ৰজাবাৰীত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সৰ্বস্বান্ত কৰা পৰিয়াল সমূহৰ লগত মত বিনিময় কৰাৰ লগতে পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে,মুখ্যমন্ত্ৰী গৰাকীয়ে বানাক্ৰান্ত ৰাইজক সকলো প্ৰকাৰৰ সহায় কৰাৰ নিৰ্দেশ প্ৰদান কৰে ৷

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ পাচতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ আন্ত:গাঠনি উন্নয়নৰ বাবে চৰকাৰে আগবঢ়োৱা এক কোটি টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা ৰংগ মঞ্চৰ আধাৰশিলা স্থাপন কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ দহ লাখ টকাৰে নিৰ্মাণ কৰিব লগা আঁচনিৰো শুভ উদ্ধোধন কৰে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৈত্ৰী আঁচনিৰে নিৰ্মাণ কৰা টীয়ক আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱনটো আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে । উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাছা,মন্ত্ৰী যোগেন মহন, টীয়ক,লাহোৱাল,দেৰগাঁও,মৰিয়নিৰ বিধায়ক সকলৰ লগতে অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তকে ধৰি কেইবাজনো শীৰ্ষ আৰক্ষী বিষয়া,সমাজকৰ্মীকে আদি কৰি বহু লোক।

উল্লেখ্য যে, এই অনুষ্ঠানৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ যোগেদি শিৱসাগৰ সদৰ থানা আৰু সৰুপথাৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত ভৱন দুটাও উদ্ধোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়ক : কেৰালাৰ সোণ কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন সচিবক ৯ ঘণ্টা জেৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.