ETV Bharat / state

কয়লা কঢ়িয়াই অনা বাহনৰ পৰা 'প্ৰটেকচন মানি' লয় বিজেপি নেতাই !

author img

By

Published : Nov 18, 2019, 7:52 PM IST

যোৰহাটৰ কংগ্ৰেছ ভৱনত সোমবাৰে যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সংবাদ মেল ৷

আধাৰশিলাৰ মালা পিন্ধোৱাৰ ৰাজনীতি কৰিছে বিধায়ক হিতেন গোস্বামীয়ে : ৰাণা গোস্বামী

যোৰহাট,18 নৱেম্বৰ: যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সংবাদ মেল ৷ সোমবাৰে যোৰহাটৰ কংগ্ৰেছ ভৱন অনুষ্ঠিত হোৱা সংবাদমেলত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে৷ কয়লা চিণ্ডিকেটৰ লগত বিজেপি নেতা জড়িত থকাৰ লগতে প্ৰতিখন কয়লা কঢ়িয়াই অনা বাহনৰ পৰা 'প্ৰটেকচন মানি' লোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ লগতে পাৰ্কিং চিণ্ডিকেটৰ লগত পল্লব, ভাস্কৰ আৰু গণতন্ত্ৰ নামৰ এই তিনিজন বিজেপিৰ যুৱ নেতা জড়িত থকাৰো অভিযোগ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত তেল ডিপোত ৰখাই থোৱা ট্ৰাকৰ পৰা পাৰ্কিং টেক্স সংগ্ৰহ কৰে বুলি উল্লেখ কৰে ৰাণা গোস্বামীয়ে ৷ ইয়াৰোপৰি যোৰহাট চহৰত বৰ্ধিত ড্ৰাগছৰ সন্দৰ্ভত প্ৰাক্তন বিধায়কগৰাকীৰ অভিযোগ যে, ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে মিতিৰালি আছে যোৰহাটৰ একাংশ আৰক্ষীৰ ৷

আধাৰশিলাৰ ৰাজনীতিতে ব্যস্ত হিতেন গোস্বামী: ৰাণা গোস্বামী

ইফালে যোৰহাটৰ বিজেপি বিধায়ক হিতেন গোস্বামীক সমালোচনা কৰি কয় যে, আধাৰশিলাৰ ৰাজনীতিতে ব্যস্ত হিতেন গোস্বামী ৷ পঞ্চায়তলৈ অহা ধনেৰে আধাৰশিলা স্থাপন কৰে বিধায়ক হিতেন গোস্বামীয়ে ৷ আনহাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ৷ এই সন্দৰ্ভত তেখেতে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে স্বাস্থ্য খণ্ডত কোনো নতুন দিগন্তৰ সূচনা হোৱা নাই ৷ ২০ দিনত প্ৰায় ৪৫ টা নৱজাতকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ ঘটনাই এই কথা প্ৰমাণ কৰে বুলি কয় ৰাণা গোস্বামীয়ে ।

লগতে পঢ়ক:মাস্ক পৰিধান কৰি প্ৰতিবাদত বহিল গৌৰৱ গগৈ

Intro:যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সমংবাদ মেল*
Body:

*যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সমংবাদ মেল*

*সংবাদ মেলত ৰাণা গোস্বামীৰ বিস্ফোৰক মন্তব্য*

*কয়লা চিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগ বিজেপি নেতা*

*প্ৰটেকচন মানি প্ৰতিখন কয়লা কঢ়িয়াই অনা বাহনৰ পৰা লোৱাৰ অভিযোগ*

*পাৰ্কিং চিণ্ডিকেটৰ লগতো বিজেপিৰ যুৱ মৰ্চাৰ যুৱক জড়িত থকাৰ অভিযোগ*

*পাৰ্কিং চিণ্ডিকেটৰ লগত জড়িত পল্লব, ভাস্কৰ আৰু গণতন্ত্র নামৰ তিনি বি জে পি*

*তেল ডিপোত ৰখাই থোৱা ট্ৰাকৰ পৰা সংগ্রহ কৰে পাৰ্কিং টেক্স*

*ড্ৰাগছৰ ঘটিত পৰিণত হৈছে যোৰহাট চহৰ*

*ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে মিতিৰালি আছে যোৰহাটৰ একাংশ আৰক্ষীৰ*

*আনহাতে আধাৰশিলাৰ ৰাজনীতিতে ব্যস্ত যোৰহাটৰ বিধায়ক হিতেন গোস্বামী*

*পঞ্চায়তলৈ অহা ধনেৰে আধাৰশিলাৰ স্থাপন কৰে বিধায়ক জনে*

*স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো খুৰধাৰ সমালোচনা গোস্বামীৰ*

*স্বাস্থ্য খণ্ডত নতুন দিগন্ত সূচনা হোৱা নাই বুলি উল্লেখ গোস্বামীৰ*

*২০ দিনত প্ৰায় ৪৫ টা নৱজাতকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ ঘটনায় এই কথা প্ৰমাণ কৰে বুলি কয় গোস্বামীয়ে।*Conclusion:যোৰহাটৰ কংগ্ৰেছ ভৱন অনুষ্ঠিত হোৱা সংবাদ মেলত প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৰাকীয়ে বৰ্তমানৰ বিধায়ক তথা বিধান সভা অধ্যক্ষ গৰাকীয়ে যোৰহাটৰ ৰাইজক আধাৰশিলা মালা পিন্ধোৱাৰ ৰাজনীতি কৰিছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.