ETV Bharat / bharat

অন্ত্যোদয় দিৱস: পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী - Antyodaya Diwas

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Birth Anniversary Of Pandit Deendayal Upadhyay: ২০১৪ চনত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰান্তীয় লোকসকলৰ উত্থানৰ ক্ষেত্ৰত তেওঁৰ অৱদানক সন্মান জনোৱাৰ দিন হিচাপে কেন্দ্ৰ চৰকাৰে অন্তোদয় দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

ANTYODAYA DIWAS
Birth Anniversary Of Pandit Deendayal Upadhyay (BJP YouTube channel)

প্ৰতি বছৰে ভাৰতত ২৫ ছেপ্টেম্বৰত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে আৰু তেওঁৰ জীৱন আৰু স্মৃতিক সুঁৱৰি অন্ত্যোদয় দিৱস পালন কৰা হয় । অন্ত্যোদয় দিৱসে সমাজৰ অন্তিমজন ব্যক্তিক উন্নীত কৰাৰ দৃষ্টিভংগী আৰু অভিযানৰ ওপৰত আলোকপাত কৰে, য’ত কোনোৱেই পিছ পৰি নাথাকে তেনে এখন সৰ্বাংগীন ভাৰত গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰে ।

ইতিহাস

২০১৪ চনত প্ৰথমবাৰৰ বাবে অন্ত্যোদয় দিৱস পালন কৰা হৈছিল ৷ ভাৰত চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰান্তীয় লোকসকলৰ বিকাশত তেওঁৰ অৱদানক সন্মান জনোৱাৰ দিন হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । তেওঁৰ ‘অন্ত্যোদয়’ অৰ্থাৎ শেষৰজন ব্যক্তিৰ বিকাশ দৰ্শন সমাজৰ অসুবিধাগ্ৰস্ত শ্ৰেণীৰ প্ৰয়োজনীয়তা পূৰণৰ ওপৰত কেন্দ্ৰীভূত আছিল ।

অন্ত্যোদয়ৰ অৰ্থ

“ভাৰতীয় প্ৰেক্ষাপটত ‘অন্ত্যোদয়’ মানে আমি সমাজৰ শেষ ব্যক্তিজনৰ কল্যাণ আৰু বিকাশ নিশ্চিত কৰিব লাগিব”।

পণ্ডিত দীনদয়াল উপাধ্যায় কোন ?

১৯১৬ চনৰ ২৫ ছেপ্টেম্বৰত ৰাজস্থানৰ ধনকীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল পণ্ডিত দীনদয়াল উপাধ্যায়ে । তিনি বছৰ নৌহওঁতেই পিতৃ ভাগৱতী প্ৰসাদক আৰু আঠ বছৰ বয়সৰ আগতেই মাকক হেৰুৱাইছিল । কানপুৰৰ সনাতন ধৰ্ম মহাবিদ্যালয়ত ছাত্ৰ হৈ থাকোঁতে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (R.S.S.)ত যোগদান কৰে ।

যদিও তেওঁ শিক্ষক হিচাপে যোগ্যতা অৰ্জন কৰিছিল, তথাপিও তেওঁ শিক্ষকতা বৃত্তি গ্ৰহণ কৰা নাছিল । বৰঞ্চ ১৯৪২ চনৰ পৰা আৰ এছ এছত পূৰ্ণকালীন কামত নিজকে উৎসৰ্গা কৰিছিল । দীনদয়াল উপাধ্যায় আছিল এজন গভীৰ আৰু মৌলিক চিন্তাবিদ । বস্তুগত আৰু আধ্যাত্মিক, ব্যক্তি আৰু সামূহিকৰ সংশ্লেষণ সম্পৰ্কে তেওঁৰ অখণ্ড মানৱতাবাদৰ দৰ্শনে বাকপটুতাৰ সাক্ষ্য বহন কৰে ।

ৰাজনীতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁ আছিল বাস্তৱিক আৰু ব্যৱহাৰিক । তেওঁ ভাৰতৰ বাবে গাঁৱক ভিত্তি হিচাপে লৈ এক বিকেন্দ্ৰীকৃত ৰাজনীতি আৰু আত্মনিৰ্ভৰশীল অৰ্থনীতিৰ কল্পনা কৰিছিল । তেওঁ আধুনিক প্ৰযুক্তিক আদৰণি জনাইছিল যদিও ভাৰতীয় প্ৰয়োজনীয়তা অনুসৰি ইয়াক খাপ খুৱাই লোৱাটো বিচাৰিছিল । দীনদয়াল উপাধ্যায় আছিল আকাশলংঘী আদৰ্শবাদৰ ব্যক্তি আৰু সংগঠনত তেওঁৰ প্ৰচণ্ড ক্ষমতা আছিল ।

তেওঁ আৰম্ভ কৰিছিল এখন মাহেকীয়া আলোচনী “ৰাষ্ট্ৰ ধৰ্ম”, এখন সাপ্তাহিক কাকত ‘পাঞ্চজন্য’, আৰু এখন দৈনিক কাকত ‘স্বাধীন’। ১৯৫১ চনত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জন সংঘ প্ৰতিষ্ঠা কৰাৰ সময়ত দীনদয়াল উপাধ্যায় ইয়াৰ উত্তৰ প্ৰদেশ শাখাৰ প্ৰথমগৰাকী সম্পাদক আছিল । তেওঁক সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপেও নিৰ্বাচিত কৰা হয় ।

দীনদয়াল উপাধ্যায়ে গঠনমূলক পন্থাত বিশ্বাস কৰিছিল । তেওঁ অনুগামীসকলক চৰকাৰক সঠিক হ’লে সহযোগিতা কৰিবলৈ আৰু ভুল হ’লে নিৰ্ভয়ে বিৰোধিতা কৰিবলৈ আহ্বান জনায় । তেওঁ দেশৰ স্বাৰ্থক সকলোতকৈ ওপৰত স্থান দিছিল । ১৯৬৮ চনৰ ১ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ৰেলত যাত্ৰা কৰি থকা সময়তে মৃত অৱস্থাত উদ্ধাৰ হৈছিল দীনদয়াল উপাধ্যায় ।

অন্ত্যোদয়- সাধাৰণ মানুহৰ বিকাশ

পণ্ডিত দীনদয়াল উপাধ্যায়ে অন্ত্যোদয়ৰ ধাৰণাটো আগবঢ়াইছিল, যাৰ অৰ্থ হৈছে শেষ শাৰীত থিয় হৈ থকা মানুহৰ কল্যাণ সাধন । দীনদয়াল উপাধ্যায়ে সাধাৰণ মানুহৰ বিকাশৰ বাবে বহু কথা কৈছিল আৰু লিখিছিল । তেওঁ ভাবিছিল যে ৰাজনীতিৰ সমগ্ৰ উদ্দেশ্য হৈছে দুখীয়া আৰু প্ৰান্তীয় লোকৰ বাবে কাম কৰা ।

দীনদয়ালৰ প্ৰেৰণাৰ উৎস আছিল দৰিদ্ৰ, অসহায়, পৰম্পৰা বান্ধি থকা সাধাৰণ মানুহ, যিয়ে শতিকাজুৰি বিদেশী আগ্ৰাসন আৰু অপশাসন সহ্য কৰি দেশৰ আত্মাক জীয়াই ৰাখিছিল । তেওঁৰ বেছিভাগ ৰাজনৈতিক বক্তব্যতে তেওঁ দেশৰ ভৱিষ্যৎ এই সাধাৰণ মানুহৰ হাতত আছে বুলি পতিয়ন যোৱা যেন দেখা গৈছিল আৰু আধুনিক বাস্তৱতাৰ সৈতে তেওঁক পৰিচিত কৰাটো অতি প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল ।

১৯৬৭ চনত দিয়া সভাপতিৰ ভাষণত তেওঁ দৰিদ্ৰ আৰু শক্তিহীনৰ প্ৰতি সমৰ্থনৰ সূত্ৰ প্ৰকাশ কৰি সামৰণি মাৰে, "প্ৰতিজন দেশবাসী আমাৰ তেজ আৰু মঙহ । আমি যেতিয়ালৈকে সকলোকে ভাৰত মাতৃৰ সন্তান বুলি গৌৰৱৰ অনুভৱ দিব নোৱাৰো তেতিয়ালৈকে আমি জিৰণি নলওঁ । আমি এই শব্দবোৰৰ প্ৰকৃত অৰ্থত ভাৰত মাতৃক সুজালা, সুফলা (ফল-ফুলে জাতিষ্কাৰ আৰু পানীৰে উপচি পৰা) কৰিম ।"

পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামত চৰকাৰী আঁচনি

  • দীনদয়াল অন্ত্যোদয় যোজনা (DAY)

দক্ষতা বিকাশৰ জৰিয়তে বহনক্ষম জীৱিকাৰ সুযোগ বৃদ্ধি কৰি চহৰীয়া দৰিদ্ৰ লোকসকলক উন্নীত কৰাৰ লক্ষ্যৰে দীন দয়াল অন্ত্যোদয় যোজনা (DAY) আৰম্ভ কৰা হয় । মেক ইন ইণ্ডিয়াৰ উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখি আৰ্থ-সামাজিক উন্নতিৰ বাবে দক্ষতা বিকাশ অতি প্ৰয়োজনীয় । গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰাময় মন্ত্ৰালয়ৰ অধীনত দীনদয়াল অন্ত্যোদয় যোজনা আৰম্ভ কৰা হয় । ভাৰত চৰকাৰে এই আঁচনিৰ বাবে ৫০০ কোটি টকাৰ ব্যৱস্থা কৰিছে । এই আঁচনিখন ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (এন আৰ এল এম)ৰ একত্ৰীকৰণ ।

  • দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা (DDU-GKY)

দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ (ডিডিইউ-জিকেৱাই)ৰ লক্ষ্য হৈছে দৰিদ্ৰ গ্ৰাম্য যুৱক-যুৱতীসকলক দক্ষতা প্ৰদান কৰা আৰু তেওঁলোকক নিয়মীয়াকৈ মাহিলী মজুৰি বা ন্যূনতম মজুৰিৰ ওপৰত চাকৰি প্ৰদান কৰা । ই ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অন্যতম পদক্ষেপ যিয়ে গ্ৰাম্য জীৱিকাক প্ৰসাৰিত কৰিব বিচাৰে । ই ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (NRLM) - আজিভিকা নামৰ দৰিদ্ৰতা হ্ৰাসৰ মিছনৰ এটা অংশ । এই আঁচনিৰ জৰিয়তে বহনক্ষম কৰ্মসংস্থাপন প্ৰদান কৰি দক্ষ হ’বলৈ সাজু হোৱা ৫.৫ কোটিতকৈ অধিক দৰিদ্ৰ গ্ৰাম্য যুৱক-যুৱতী উপকৃত হ’ব । এই আঁচনিখনে দৰিদ্ৰতা হ্ৰাস কৰাৰ সম্ভাৱনাৰ পৰাই গুৰুত্ব লাভ কৰে । ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ অভিযানত এক ডাঙৰ অৱদান হিচাপে ৰচনা কৰা হৈছে ।

  • গ্ৰাম্য ঘৰত বিদ্যুৎ যোগান ধৰাৰ বাবে দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা

দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা সমগ্ৰ ভাৰতৰ গ্ৰাম্য অঞ্চললৈ নিৰৱচ্ছিন্ন বিদ্যুৎ যোগানৰ বাবে ৰচনা কৰা হৈছে । এই পৰিকল্পনা ২০১৪ চনৰ নৱেম্বৰ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ কৰা হৈছিল ৷ এইটো ভাৰত চৰকাৰৰ অন্যতম প্ৰধান পদক্ষেপ আৰু শক্তি মন্ত্ৰালয়ৰ এটা ডাঙৰ কাৰ্যসূচী । গ্ৰাম্য পৰিয়ালসমূহে DDUGJY ৰ পৰা বহুখিনি লাভৱান হ’ব পাৰে কাৰণ দেশৰ বৃদ্ধি আৰু উন্নয়নৰ বাবে বিদ্যুৎ অত্যন্ত গুৰুত্বপূৰ্ণ ।

  • পণ্ডিত দীনদয়াল উপাধ্যায় শ্ৰমেৱ জয়তে কার্যক্ৰম

ভাৰত চৰকাৰৰ অধীনত ২০১৪ চনৰ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত দীনদয়াল উপাধ্যায় শ্ৰমেৱ জয়তে কার্যক্ৰম নামেৰেও পৰিচিত শ্ৰমেভ জয়তে কৰ্মক্ৰম আৰম্ভ কৰে । উদ্যোগসমূহৰ উন্নয়নৰ বাবে এক পদক্ষেপ হিচাপে এই আঁচনিখন আৰম্ভ কৰা হৈছিল । ইয়াৰ লক্ষ্য হৈছে মূলতঃ দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে ঔদ্যোগিক বিকাশৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰা ।

  • দীনদয়াল উপাধ্যায় স্বনিয়োজন যোজনা (DUSY)

গ্ৰাম্য অঞ্চলত দক্ষতা প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগীকৰণক প্ৰসাৰিত কৰাৰ বাবে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে দীনদয়াল উপাধ্যায় স্বনিয়োজন যোজনা (DUSY) আৰম্ভ কৰিছিল ৷ ইয়াক ষ্টাৰ্ট আপ ইণ্ডিয়া আঁচনিৰ গ্ৰাম্য সংস্কৰণ হিচাপে দেখা যায় ।

উপাধ্যায়ৰ স্মৃতি

  • প্ৰধানমন্ত্ৰী মোদীৰ অধীনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা কেইবাটাও ৰাজহুৱা প্ৰতিষ্ঠান, চৰকাৰী আঁচনি আৰু শেহতীয়াকৈ এটা ৰেলৱে ষ্টেচন, দীনদয়াল উপাধ্যায়ৰ নামেৰে নামকৰণ কৰা হৈছিল ।
  • এটা দিল্লীৰ পথ/মাৰ্গ
  • দীন দয়াল গৱেষণা প্ৰতিষ্ঠান, যিয়ে উপাধ্যায় আৰু তেওঁৰ ৰচনাসমূহৰ ওপৰত থকা প্ৰশ্ন সম্পৰ্কে গুৰুত্ব আৰোপ কৰে
  • দীনদয়ালৰ মৃতদেহ উদ্ধাৰ হোৱা উত্তৰ প্ৰদেশৰ মোগলচৰাই জংচনৰ নাম সলনি কৰি দীনদয়াল উপাধ্যায় জংচন নামেৰে নামাকৰণ কৰা হৈছে
  • ওপৰত উল্লেখ কৰা কথাখিনিৰ বাহিৰেও তেওঁৰ নামেৰে বহুতো চিকিৎসালয়, মহাবিদ্যালয় আৰু এন জি অ’ আছে

লগতে পঢ়ক: ২০২৪-২৫ বিত্তীয় বৰ্ষৰ মূলধনী ব্যয়ৰ লক্ষ্য সময়মতে পূৰণৰ আহ্বান বিত্তমন্ত্ৰীৰ - Capital Expenditure Targets

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.