যোৰহাট, 24 ডিচেম্বৰ : ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ে অতিক্ৰম কৰিলে প্ৰতিষ্ঠাৰ 60 টা বছৰ (Jorhat Engineering College completed 60 years) ৷ এই উপলক্ষে 26, 27 ডিচেম্বৰত মহাবিদ্যালয়খনত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে হীৰক জয়ন্তী সমাৰোহৰ (JEC is going to celebrate its Diamond Jubilee) ৷
কাৰিকৰী শিক্ষাৰ অন্যতম বাটকটীয়া যোৰহাট আভিযান্ত্ৰিক মহাবিদ্যালয়খন 1960 চনৰ 10 অক্টোবৰত সেই সময়ৰ শিক্ষা মন্ত্ৰী দেৱেশ্বৰ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল ৷ ইতিমধ্যেই 60 টা বৰ্ষ অতিক্ৰম কৰি 62 সংখ্যক বৰ্ষত ভৰি দিছে মহাবিদ্যালয়খনে (Jec has crossed 60 years) ৷ 2020 বৰ্ষৰ 10 অক্টোবৰতেই অনুষ্ঠিত কৰিবলগীয়া হীৰক জয়ন্তী সমাৰোহ ক’ভিড কালীন পৰিস্থিতিৰ কাৰণে সম্ভৱপৰ হৈ উঠা নাছিল ৷
চলিত বৰ্ষত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে হীৰক জয়ন্তী সমাৰোহৰ ৷ ইতিমধ্যেই উদযাপন সমিতিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ 23 ডিচেম্বৰত যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত এই বিষয়ে উল্লেখ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ৰীতা শৰ্মাই ৷
তেওঁ জনায় যে, 26 ডিচেম্বৰৰ পুৱা পতকা উত্তোলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে হীৰক জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ হ’ব ৷ ইয়াৰ পাছতে পুৱা 10 বজাত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত নৱ নিৰ্মিত গৱেষকৰ আবাসগৃহ উদ্বোধন কৰিব পাৱাৰগ্ৰীডৰ ই ডি টি. চি. শৰ্মাই ৷
10.30 বজাৰ অনুষ্ঠান হীৰক জয়ন্তীৰ উদ্বোধনী সভাত স্মৰণিকা উন্মোচন কৰিব ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুৱে ৷ উদ্বোধনী সভাতেই 2012 ৰ পৰা 2020 বৰ্ষলৈ বিভিন্ন বিভাগত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা ছাত্ৰ ছাত্ৰী সকলক সোণৰ পদক প্ৰদান কৰা হ’ব ৷ উক্ত দিনাই বিয়লি অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ৷
লগতে পঢ়ক: ISRO ৰ বিজ্ঞানীৰ ৰূপত আন এগৰাকী অসম সন্তান