ETV Bharat / state

২ কোটি টকাৰ ৰাজহ সংগ্রহেৰে অভিলেখ যোৰহাট বনসংমণ্ডলৰ - যোৰহাট

১০ টা বালিমহলৰ পৰা সংগ্ৰহ ১ কোটি ৩৩ লাখ টকা

২ কোটি টকাৰ ৰাজহ সংগ্রহ যোৰহাট বনসংমণ্ডলৰ
author img

By

Published : Mar 12, 2019, 5:21 PM IST

যোৰহাট, ১২ মাৰ্চ : ২০১৮-১৯ বিত্তীয় বৰ্ষৰ প্ৰায় ২ কোটি টকাৰ ৰাজহ সংগ্রহৰে বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰিলে যোৰহাট বনসংমণ্ডলে । যোৰহাটৰ ১০ টা বালিমহলৰ পৰাই জিলাখনৰ বন সংমণ্ডলটোৱে সংগ্রহ কৰিবলৈ সক্ষম হৈছে ১ কোটি ৩৩ লাখ টকাৰ ৰাজহ । যোৰহাটৰ জিলা বন বিষয়া মিত দেৱিন্দৰ সুমনৰ তথ্য অনুসৰি, ২০১৮-১৯ বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰায় ১,৭২,৬৮,৩৭৯ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে বিভাগটোৱে ।

২ কোটি টকাৰ ৰাজহ সংগ্রহ যোৰহাট বনসংমণ্ডলৰ
ইয়াৰে ১ কোটি ৩৩ লাখ টকাৰ ৰাজহ সংগ্রহ বালি মহলৰ পৰা সংগ্রহ কৰাৰ বিপৰীতে ১৫২ টা গোচৰৰ পৰা ৩৫,৭৭,৬৫৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ পুৰণি বালিৰ মহলসমূহৰ ৰাজহ নিয়মীয়াকৈ সংগ্রহ কৰাৰ লগতে নতুন বালিৰ মহলৰো সংযোজন কৰা হৈছে বুলি কয় বনবিষয়াগৰাকীকয়ে। পূৰ্বৰ তুলনাত বিভাগটোৰ গোচৰ সম্পৰ্কীয় নথি পত্ৰৰ কামত অধিক গুৰুত্ব দিয়াৰ লগতে প্ৰতিটো মহলে যাতে সঠিকভাৱে ৰাজহ দিয়ে তাৰ বাবে চালানৰ ব্যৱস্থা কৰিছে বুলি কয় বনবিষয়াগৰাকীয়ে ৷

উল্লেখ্য যে, ২০১৫-১৬ বৰ্ষত ৯৬,৪১,৪৭৬ টকা ৰাজহ, ২০১৬-১৭ বৰ্ষত ১,২৯,৬৮,৮৫২ টকা ৰাজহ আৰু ২০১৭-১৮ বৰ্ষত সংগ্ৰহ কৰিছিল ১,৫৩,৪৭,১৫২ টকা ৰাজহ ।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ প্ৰায় ২ কোটি টকাৰ ৰাজহ সংগ্রহৰে বিগত বৰ্ষৰ সকলো অভিলেখ ভংগ কৰিলে যোৰহাট বনসংমণ্ডলে। যোৰহাটৰ কেৱল ১০ টা বালিমহলৰ পৰাই ১ কোটি ৩৩ লাখ টকাৰ ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হৈছে জিলাখনৰ বন সংমণ্ডলটোৱে। যোৰহাটৰ জিলা বন বিষয়া মিত দেৱিন্দৰ সুমনে জনোৱা মতে ২০১৮-১৯ বিত্তীয় বৰ্ষত এতিয়ালৈকে প্ৰায় ১,৭২,৬৮৩৭৯ টকাৰ ৰাজহ সংগ্ৰহ কৰিছে বিভাগটোৱে। ইয়াৰে ১ কোটি ৩৩ লাখ টকাৰ ৰাজহ সংগ্রহ বালি মহলৰ পৰা সংগ্রহ কৰাৰ বিপৰীতে ১৫২ টা গোচৰৰ পৰা ৩৫,৭৭,৬৫৪ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ২০১৫-১৬ বৰ্ষত ৯৬,৪১,৪৭৬ টকাৰ ৰাজহ, ২০১৬-১৭ বৰ্ষত ১,২৯,৬৮,৮৫২ টকাৰ ৰাজহ, ২০১৭-১৮ বৰ্ষত ১,৫৩,৪৭,১৫২ ৰাজহ সংগ্ৰহ কৰাৰ বিপৰীতে এই বৰ্ষৰ মাৰ্চ মাহৰ শেষলৈকে প্ৰায় ২ কোটি টকাৰ ৰাজহ সংগ্রহ কৰা হব বুলি জিলা বন বিষয়া গৰাকীয়ে উল্লেখ কৰে। জিলাখনৰ পুৰণি বালিৰ মহল সমূহৰ ৰাজহ নিয়ামিয়াকৈ সংগ্রহ কৰাৰ লগতে নতুন বালিৰ মহলৰো সংযোজন কৰা হৈছে বুলি তেওঁ কয়। পূৰ্বৰ তুলনাত বিভাগটোৰ গোচৰ সম্পৰ্কীয় নথি পত্ৰৰ কামত অধিক গুৰুত্ব দিয়াৰ লগতে প্ৰতিটো মহলে যাতে সঠিক ভাবে ৰাজহ দিয়ে তাৰ বাবে চালানৰ ব্যৱস্থা কৰিছে৷ যোৰহাট বনসংমণ্ডলত বৰ্তমান প্ৰায় ৩৫ শতাংশ কৰ্মচাৰীৰ অভাব বুলি কয় জিলা বন বিষয়া গৰাকীয়ে। আনহাতে যোৰহাট বনসংমণ্ডলত অধীনত থকা নাৰ্ছাৰীত বৰ্তমান ১০০ বিধ বিভিন্ন থলুৱা ফলমূল সংৰক্ষণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.