ETV Bharat / state

Controversy of Jorhat BJP president: সাংবাদিকৰ ওচৰত নতশিৰ যোৰহাট জিলা বিজেপি সভাপতি

author img

By

Published : Jun 14, 2023, 4:43 PM IST

যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাৰে সাংবাদিকৰ সংঘাত । অভব্য আচৰনেৰে সভাগৃহৰ পৰা উলিয়াই দিয়াৰ পিচতেই এই সংঘাত আৰম্ভ হয় । অৱশেষত টীয়ক প্ৰেছ ক্লাৱৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰিবলৈ বাধ্য় হ'ল বিতৰ্কিত সভাপতিগৰাকী ।

Controversy of Jorhat BJP president
যোৰহাট জিলা বিজেপিৰ সভাপতি
যোৰহাট জিলা বিজেপিৰ সভাপতি

টীয়ক, ১৪ জুন: বিতৰ্কই লগ নেৰা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই অৱশেষত টীয়ক প্ৰেছ ক্লাৱৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰিলে । যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকীৰ কোনো দিনা যদি দল ত্যাগৰ বিতৰ্ক ,আকৌ আন কোনো দিনা সাংবাদিকক অভব্য আচৰণ কৰি সভাগৃহৰ পৰা বাহিৰ কৰি দিয়াৰ বিতৰ্ক। ইয়াৰ মাজতে আকৌ সাংবাদিক অভব্য আচৰনেৰে সভাগৃহৰ পৰা উলিয়াই সাংবাদিক সন্থাৰ ৰোষত পৰিল যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকী ।

উল্লেখযোগ্য যে যোৱা ১২ জুনত টীয়কৰ ফুডভিলা সভাগৃহত অনুষ্ঠিত মোডী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযানৰ জ্যেষ্ঠ কাযকৰ্তা সন্মিলিনলৈ নিমন্ত্ৰণ কৰা টীয়কৰ সাংবাদিকৰ দলক সভাপতিগৰাকীয়ে অভব্য আচৰনেৰে সভাগৃহৰ পৰা উলিয়াই পঠিওৱা ঘটনাৰ পাছতে সমগ্ৰ যোৰহাট জিলাৰ সাংবাদিকসকল ক্ষুদ্ধ হয় । সভিপতিগৰাকীৰ এনে আচৰণৰ বিৰুদ্ধাচৰণ কৰি তেওঁৰ সকলো অনুষ্ঠান যোৰহাট জিলা ই-মিডিয়া, টীয়ক প্ৰেছ ক্লাৱ আৰু তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাই বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য় যে যোৱা সোমবাৰে টীয়কত অনুষ্ঠিত বিজেপিৰ মহা জনসম্পৰ্ক আৰু জ্যেষ্ঠ কাৰ্যকতাৰ সভাত টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদকসহ কেইবাগৰাকী সাংবাদিকক ৰাজহুৱাকৈ অপমান কৰাৰ প্ৰতিবাদ জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই ।

ইপিনে এনে পৰিস্থিতিৰ কথা যোৰহাট জিলা বিজেপিয়ে অৱগত হৈ জিলা সভাপতি হেমন্ত কলিতাৰ নেতৃত্বত দলৰ বিষয়ববীয়াই এয়া অনিচ্ছাকৃত ভুল বুজা বুজি হৈছে বুলি উল্লেখ কৰি টীয়ক প্ৰেছ ক্লাৱ আৰু যোৰহাট জিলা ই মেডিয়া এছ'ছিয়েচনৰ সৈতে আলোচনাত মিলিত হয় । এই আলোচনাত যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, সম্পাদক অমৰ শইকীয়া,সম্পাদক প্ৰদীপ বৰুৱাৰ লগতে টীয়কৰ দুয়োটা মণ্ডলৰ সভাপতি, সম্পাদক উপস্থিত থাকে ।

এই আলোচনাত সভাপতি হেমন্ত কলিতাই নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে অনাগত দিনত এনে ঘটনা পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বুলি কয় । এই ক্ষেত্ৰত সাংবাদিকসকলক কোনো ক্ষোভ নাৰাখিবলৈ তেওঁ আহ্বান জনায় । ইপিনে, সভাপতিগৰাকীৰ এনে আচৰণৰ বিৰোধিতা কৰি সাংবাদিক সকলৰ ওচৰত ক্ষমা নিবিচাৰা পৰ্যন্ত সাংবাদিকসকলে যোৰহাট বিজেপিৰ কোনো অনুষ্ঠানত অংশ নোলোৱাৰ যি সিদ্ধান্ত লৈছিল সেয়া জিলা সভাপতিগৰাকীয়ে ক্ষমা বিচৰা বাবে প্ৰত্যাহাৰ কৰিছে ।

লগতে পঢ়ক:Poor condition of Majuli Hospital: মাজুলী জিলা চিকিৎসালত জেনেৰেটৰ চলাবলৈ নাই ইন্ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.