ETV Bharat / state

আহি আছে ৰাজধানী এক্সপ্ৰেছঃ মৰিয়নীত তৎপৰতা - মৰিয়নী

নতুন দিল্লীৰ পৰা বিশেষ ৰে'লযোগে মৰিয়নী অভিমুখে আহি থকা যাত্ৰীসকলক মৰিয়নীত আদৰিবলৈ সাজু, জিলা প্ৰশাসনৰ লগতে ৰে'ল বিভাগ ।

jorhat district administration ready to welcome the passengers coming from delhi

author img

By

Published : May 13, 2020, 5:07 PM IST

মৰিয়নী, 13 মে': লক্ ডাউনৰ সময়ছোৱাত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক ৰাজ্য চৰকাৰে বিশেষ ৰে'লযোগে অসমলৈ অনাৰ এক প্ৰদক্ষেপ হাতত লৈছে । সেই মৰ্মে নতুন দিল্লীৰ পৰা বিশেষ ৰে'লযোগে অসমলৈ আহিবলগীয়া লোকসকলক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে জিলা প্ৰশাসনৰ লগতে ৰে'ল বিভাগ ।

মৰিয়নীত তৎপৰতা বহিঃৰাজ্যত আবদ্ধ লোকক আদৰিবলৈ

বুধাবাৰে পুৱাৰে পৰা মৰিয়নী ৰে'লৱে জংচন পৰিদৰ্শন কৰে তিতাবৰ মহকুমাধিপতিৰ লগতে, উচ্চ পদস্থ ৰে'ল আৰু অসম আৰক্ষী বিভাগে । নতুন দিল্লীৰ পৰা অহা 02424up নম্বৰৰ বিশেষ ৰে'লখন বৃহস্পিবাৰে পুৱতি নিশা মৰিয়নীত উপস্থিত হ'ব । মৰিয়নীত নামিবলগীয়া যাত্ৰীসকলে কেইবাটাও চিকিৎসা ব্যৱস্থাৰ মাজেৰে পাৰ হ'ব লাগিব । তাৰ পাচতে মৰিয়নীত নমা যাত্ৰীসকলক পোনে পোনে লৈ যোৱা হ'ব, কাজিৰঙা বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ।

লগতে পঢ়কঃ দিল্লীৰ পৰা আহি থকা বিশেষ ৰে'লক লৈ তৎপৰতা কোকৰাঝাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.