যোৰহাট, 27 ফেব্ৰুৱাৰী : নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা প্ৰশাসনো তৎপৰ হৈ পৰিছে নিৰ্বাচনৰ প্ৰস্তুতিত । যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কৌৰাটিয়ে শনিবাৰে এক সংবাদমেল যোগে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাট জিলা প্ৰশাসন কেনেদৰে প্ৰস্তুত হৈছে সেই কথা সদৰি কৰে । উল্লেখ্য যে, ক'ৰণা মহামাৰীৰ বাবে এইবাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্রত কেতবোৰ নিয়ম বান্ধি দিয়া হৈছে । এইবাৰ যোৰহাটত মুঠ ৭,৫৬,৮৫৬ জন ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু ইয়াৰে ৩,৭৬,৮৬৫ জন পুৰুষ ভোটাৰ আৰু ৩,৭৯,৯৯১ জন মহিলা ভোটাৰ । তদুপৰি ক’ভিড প্ৰতি লক্ষ্য ৰাখি মুঠ ১৬৫ টা ভোট কেন্দ্র বৃদ্ধি কৰা হৈছে । যাৰ ফলত মুঠ ভোট কেন্দ্রৰ সংখ্যা হৈছেগৈ ১,১০২ টা । জিলাখনৰ ৫ টা সমষ্টিত ৮০ উৰ্ধৰ মুঠ ৯,৩৮৬ জন ভোটাৰ আছে । আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীয়ে ৩০ লাখ ৮০ হাজাৰ টকাতকৈ অধিক ধন ব্যৱহাৰ কৰিব নোৱাৰিব ।
তদুপৰি মনোনয়ন প্ৰদান কৰাৰ সময়ত প্ৰাৰ্থীজনৰ লগত মাত্ৰ তিনিজন লোকহে উপস্থিত থাকিব পাৰিব । আনহাতে মাত্ৰ দুখন প্ৰ-পত্ৰ প্ৰদানৰ সময়ত মাত্ৰ দুখন বাহনহে ব্যবহাৰ কৰিব পাৰিব । ইফালে ঘৰে ঘৰে যদি নিৰ্বাচন প্ৰচাৰৰ বাবে যদি প্ৰাৰ্থী যায়, তেনেহ'লে ৫ জনতকৈ অধিক লোক যাব নোৱাৰিব । এইবাৰ যোৰহাট জিলা নিৰ্বাচনী আইকন ৰূপে অৰণ্য মানৱ যাদৱ পায়েং আৰু লখিমী বৰুৱা আছে । ভোটাৰ সকলক সজাগ কৰিবৰ বাবে ইতিমধ্যে সজাগতা আৰম্ভ কৰা হৈছে । বিগত নিৰ্বাচনত যি কেইটা ভোট কেন্দ্রৰ ভোটাৰ হাৰ কম আছিল সেই কেইটা সমষ্টিত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে । আনহাতে ২ মাৰ্চৰ পৰা ৯ মাৰ্চৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰাৰ্থীয়ে দাখিল কৰিব পাৰিব আৰু দহ মাৰ্চত এই মনোনয়ন পত্ৰ সমূহৰ নিৰীক্ষণ কৰা হ'ব । কোনো প্ৰাৰ্থীয়ে যদি মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰে তেনেহ'লে সেইয়া ১২ মাৰ্চৰ ভিতৰত কৰিব লাগিব ।
লগতে পঢ়ক : প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৩ মাৰ্চত দিল্লীলৈ যাব অগপৰ নেতৃত্ব