ETV Bharat / state

কৃত্ৰিম বান ৰোধৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

author img

By

Published : Jun 24, 2022, 10:34 PM IST

কৃত্ৰিম বান ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ যোৰহাট জিলা উপায়ুক্তৰ (Jorhat DC takes special steps to prevent artificial floods)৷ যোৰহাটত আৰম্ভ কৰা হৈছে বৰষু্ণৰ পানী ভূ-গৰ্ভত সংস্থাপন প্ৰকল্পৰ ৷ প্ৰকল্পটোৰ ফলত কৃত্ৰিম বান হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে পানীৰ সদ ব্যৱহাৰো হ’ব ৷

jorhat-district-collector-takes-special-steps-to-prevent-artificial-floods
কৃত্ৰিম বান ৰোধৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

যোৰহাট, 24 জুন: ৰাজ্যত বাৰিষাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয় (Artificial flood in Jorhat) ৷ যোৰহাট, গুৱাহাটী মহানগৰীকে আদি কৰি বহু ঠাইত কৃত্ৰিম বানৰ ফলত সৃষ্টি হয় বহু সমস্যাৰ ৷ কৃত্ৰিম বানৰ ফলত জিয়াতু ভুগিব লগীয়া হয় জনসাধাৰণে ৷ কৃত্ৰিম বান ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ যোৰহাট জিলা উপায়ুক্তৰ (Jorhat DC takes special steps to prevent artificial floods)৷ যোৰহাটত আৰম্ভ কৰা হৈছে বৰষু্ণৰ পানী ভূ-গৰ্ভত সংস্থাপন প্ৰকল্পৰ ৷

যিহেতু বৰ্তমান ভূ-গৰ্ভত পানীৰ স্তৰ দিনক দিনে অৱনমিত হৈ আহিছে, সেয়েহে বহু নলা-নৰ্দমাত পানী শুকাই যোৱাৰ ফলত নলা-নৰ্দমাসমূহ কাৰ্যক্ষম নোহোৱা হৈ পৰিছে ৷ যোৰহাটত বৰষুণৰ পানী সদ ব্যৱহাৰ কৰিবলৈ গ্ৰহণ কৰিছে এই প্ৰকল্প |

উল্লেখ্য যে ,বৰষুণৰ পানী সমুহ নলী-নাদেৰে ভূ-গৰ্ভলৈ প্ৰেৰণ কৰি পুণৰ ভূ-গৰ্ভৰ পৰা উত্তোলন কৰি ব্যৱহাৰ উপযোগী কৰিব পৰা এক প্ৰকল্প আজিৰে পৰা আৰম্ভ কৰিছে ৷

এই প্ৰকল্পৰ ফলত কৃত্ৰিম বান হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে পানীৰ সদ ব্যৱহাৰো হ’ব ৷ যোৰহাটৰ উপায়ুক্তই আজি তেনে এক আচঁনি তথা প্ৰকল্পৰ শুভাৰম্ভ কৰে ৷ উপায়ুক্তগৰাকীৰ এনে পদক্ষেক সলাগ লৈছে সকলোৱে ৷

লগতে পঢ়ক: এজাক বৰষুণতে প্লাবিত জোনাইৰ বহু গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.