ETV Bharat / state

বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে বিদ্ৰোহ যোৰহাট মহাবিদ্যালয়ৰ - Jorhat College

বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা দেশৰ ভিতৰতে প্ৰথমখন মহাবিদ্যালয় হৈ পৰিল যোৰহাট মহাবিদ্যালয় ৷

Jorhat College environment awareness rally
বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে বিদ্ৰোহ যোৰহাট মহাবিদ্যালয়ৰ
author img

By

Published : Feb 25, 2020, 1:06 PM IST

যোৰহাট,25 ফেব্ৰুলৱাৰী: বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা যোৰহাট মহাবিদ্যালয়ৰ ৷ মঙলবাৰে বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে যোৰহাট মহাবিদ্যালয়ে এখন বৃহৎ সজাগতামূলক সমদলৰ আয়োজন কৰে ৷

বৰ্তমান সময়ত সমগ্ৰ বিশ্বত ভয়াবহভাৱে গোলকীয় উষ্ণতাই সৃষ্টি কৰিছে বৃহৎ সমস্যাৰ । যাৰ ফলত দেশত প্ৰতি মিনিটত ২৫ টকাকৈ অক্সিজেন কিনিবলৈ বাধ্য হৈ পৰিছে মানৱ জাতিয়ে । একমাত্ৰ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান তথা গোষ্ঠীৰ স্বাৰ্থৰ বাবে জ্বলাই দিয়া হৈছে প্ৰকৃতিৰ অন্যবদ্য সৃষ্টি আমাজন, অষ্ট্ৰেলিয়াৰ বৰ্ষাৰণ্য । পলিথিন নিৰ্মাণ কৰা কোম্পানীৰ স্বাৰ্থতে এতিয়া সমগ্ৰ বিশ্বৰ লগতে দেশতো মেলি দিয়া হৈছে পলিথিনৰ বিশাল বজাৰ । ইয়াৰ ফলত এতিয়া মানৱ জাতিৰ জীৱন বিপদাপন্ন হৈ পৰিছে । ইয়াৰ প্ৰতিবাদত যোৰহাট জিলাৰ খনৰ অন্যতম শিক্ষানুষ্ঠান যোৰহাট মহাবিদ্যালয়ৰ উদ্যোগত এক বৃহৎ সজাগতা মূলক প্ৰতিবাদী সমদল বাহিৰ কৰে । বিভিন্ন স্পৰ্শকাতৰ প্ৰতিক পদৰে চহৰখনৰ মাজৰে কৰা শোভাযাত্ৰা ই সাধাৰণ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে বিদ্ৰোহ যোৰহাট মহাবিদ্যালয়ৰ

সজাগতামূলক সমদল অংশ গ্ৰহণ কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱব্ৰত শৰ্মাই কয় যে, "বিশ্বৰ বিলুপ্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰা দেশৰ ভিতৰতে প্ৰথমখন মহাবিদ্যালয় হৈ পৰিল যোৰহাট মহাবিদ্যালয় ৷"

লগতে পঢ়ক:ডিফু নদীত আৱৰ্জনা পেলোৱা 5 খনকৈ দোকানত তলা ডিফু পৌৰ নিগমৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.